নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰু ব্যৱসায়ীক ধনদাবীৰ অভিযোগত আটক বীৰ লাচিত সেনাৰ সদস্য…

ডিজিটেল ডেস্ক, ৯ নৱেম্বৰ : এইবাৰ বীৰ লাচিত সেনাৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ। এই অভিযানত বীৰ লাচিত সেনা, অসমৰ এজন সদস্যক আটক কৰা হয়। বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ মুখ্য সচিবক আটক কৰে চামগুৰি আৰক্ষীয়ে।

নগাঁও জিলাৰ মুখ্য সচিব বিতোপন শইকীয়াক আটক কৰে চামগুৰি আৰক্ষীয়ে। গৰু ব্যৱসায়ীক ধনদাবী কৰাৰ অভিযোগত বিতোপন শইকীয়াক আটক কৰা হয়। জানিব পৰা মতে, ১৫ অক্টোবৰৰ নিশা চামগুৰিৰ ৰঙাগড়াত গৰুভৰ্তি বাহনৰ চালকক অপহৰণ কৰি ধনদাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।

সম্প্ৰতি বিতোপন শইকীয়াক জেৰা অব্যাহত ৰাখিছে চামগুৰি আৰক্ষীয়ে। লগতে অন্য কেইবাজনো লোকক বিচাৰি চামগুৰি আৰক্ষীৰ অভিযান অব্যাহত আছে।

You might also like