ডিজিটেল ডেস্ক, ৯ নৱেম্বৰ : পুৱাই গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত আৰম্ভ হ’ল ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। আৰম্ভ হ’ল বুলড’জাৰ একচন। এফালৰ পৰা ভাঙি দিয়া হৈছে বেদখলকাৰীৰ ঘৰ।
সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ মাজতে গোৱালপাৰা দহিকটাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। উচ্ছেদিতই সৃষ্টি কৰে হুলস্থূলীয়া পৰিৱেশ। প্ৰশাসনৰ উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰা ৩জনক আটক কৰে আৰক্ষীয়ে। হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰি প্ৰশাসনৰ উচ্ছেদ কাৰ্যত একাংশই বাধা প্ৰদান কৰিছিল।
উল্লেখ্য যে ৫৮০ ঘৰ বেদখলকাৰীক দিয়া হৈছিল উচ্ছেদৰ জাননী। ১১৪৩ বিঘা ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰৰ বাবে ৪০খনতকৈ অধিক এক্সকেভেটৰৰ সহায়ত চলিছে এই উচ্ছেদ অভিযান। উচ্ছেদস্থলীত বিশাল আৰক্ষী জোৱান, ব্লেক কমাণ্ডো বাহিনী তথা বন সুৰক্ষা বাহিনী মোতায়েন কৰা হৈছে।
উল্লেখ্য যে উচ্ছেদৰ পাছত বন্যহস্তীৰ খাদ্যৰ বাবে উক্ত স্থানত বাঁহগছৰ লগতে অন্যান্য গছপুলি ৰোপণ কৰা হ’ব।