ডিজিটেল ডেস্ক, ১৬ নৱেম্বৰ : প্রাণৰ শিল্পী জুবিন গার্গৰ ৫৩সংখ্যক জন্মবার্ষিকী অহা ১৮ নৱেম্বৰত দিনজোৰা কার্যসূচীৰে উদযাপন কৰিবলৈ বিটিচি প্রশাসনে ব্যাপক প্রস্তুতি চলাইছে৷ কোকৰাঝাৰস্থিত গৌৰাং নৈৰ পাৰৰ এইআইচিঝাৰৰ আইটি পার্কৰ সমীপত জুবিন গার্গৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি বিটিচিৰ পাঁচখন জিলাৰ পৰা ২৫ হাজাৰ শিল্পী তথা অনুৰাগীয়ে একেলগে অসমীয়া আৰু বড়ো ভাষাত পৰিৱেশন কৰিব জুবিনৰ ‘মায়াবিনী’ গীত৷ তদুপৰি বিটিচি প্রশাসনৰ উদ্যোগত প্রায় ৩০ বিঘা ভূমিত নির্মাণ কৰা হ’ব জুবিন গার্গ উদ্যান৷
উল্লেখ্য যে জুবিন গার্গৰ জন্মদিনতে অর্থাৎ ১৮ নৱেম্বৰতে এলআইচিঝাৰত জুবিন গার্গ উদ্যানৰ আধাৰশিলা স্থাপন কৰা হ’ব৷ আধাৰশিলা স্থাপন কৰিব বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে৷ বিটিচি প্রশাসনৰ উদ্যোগত জাকজমকতাৰে উদযাপন কৰিবলগীয়া জুবিন গার্গৰ ৫৩সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি ৰোপণ কৰা হ’ব ৫৩টা নাহৰ পুলি৷ প্রতিদিনে পূর্ণগতিত শতাধিক শ্রমিকে ট্ৰেক্টৰ, জেচিবিৰে দিনে–নিশাই কাম কৰি আছে৷ নির্মাণ হৈ আছে বিশাল মঞ্চ ৷
১৮ নৱেম্বৰৰ কার্যসূচী অনুসৰি জুবিন গার্গৰ জন্মদিন উপলক্ষে পুৱা ৯.৩০ বজাত জুবিন গার্গৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি, ৯.৪৫ বজাত ৰক্তদান শিবিৰ, ১০.১৫ বজাত জুবিন গার্গ উদ্যানৰ আধাৰশিলা স্থাপন, ১০.৩০ বজাত ৫৩টা নাহৰ পুলি ৰোপণ, বিয়লি ২ বজাত সাংস্কৃতিক কার্যসূচী, ৩.৩০ বজাত মমবাতি প্রজ্বলন আৰু ৪ বজাত ২৫ হাজাৰ শিল্পী–অনুৰাগীৰ দ্বাৰা ‘মায়াবিনী’ গীত পৰিৱেশন কৰা হ’ব৷
উল্লেখ্য যে জুবিন গার্গৰ জন্মদিন আৰু উদ্যানৰ আধাৰশিলা স্থাপন উপলক্ষে কোকৰাঝাৰৰ পৰা চন্দ্রপাৰালৈ যোৱা গড়কাপ্টানী পথতো নতুনকৈ পিটচ দিয়া হৈছে৷ তদুপৰি মূল ৰাস্তাৰ পৰা আইটি পার্কলৈ যোৱা ৰাস্তা–ঘাট চাফ–চিকুণ কৰাৰ লগতে পথৰ দুয়োকাষে থকা বেৰত জুবিন গার্গৰ বিভিন্ন প্রতিচ্ছবি অংকন কৰা হৈছে৷ বেৰত লগোৱা হৈছে নতুনকৈ ৰং৷ সমগ্র ঠাইডোখৰক নতুন ৰূপ দিয়া হৈছে৷ বিটিচি চৰকাৰৰ উদ্যোগত জাকজমকতাৰে উদযাপন কৰা হ’ব জুবিন গার্গৰ ৫৩সংখ্যক জন্ম দিৱস৷
এখন সংবাদ মেলত আয়োজক সমিতিৰ অধ্যক্ষ তথা বিটিচিৰ পাৰিষদ যুবিৰাজ বসুমতাৰীয়ে কয় যে ১৮ নৱেম্বৰত জুবিন গার্গৰ জন্মদিন উদযাপন কৰাৰ লগতে প্রায় ৩০ বিঘা ভূমিত জুবিন গার্গ উদ্যান নির্মাণ কৰা হ’ব৷ লগতে ১৮ নৱেম্বৰতে জুবিন গার্গ পার্কৰ আধাৰশিলা স্থাপন কৰা হ’ব৷ সংবাদ মেলত যুবিৰাজ বসুমতাৰীয়ে কয় যে বিটিচিৰ মুখ্য কার্যবাহী হাগ্রামা মহিলাৰীয়ে কথা দিয়া মতেই জুবিন গার্গ উদ্যান অহা ১৮ নৱেম্বৰত অর্থাৎ মহান শিল্পী জুবিনৰ জন্মদিনটোতে উদ্যানৰ আধাৰশিলা স্থাপন কৰা হ’ব আৰু অনুষ্ঠানৰ মূল কার্যসূচীত ‘মায়াবিনী’ গীতটি গোৱা হ’ব৷ ইপিনে, বিটিচি চৰকাৰৰ উদ্যোগত যি ঠাহত জুবিন গার্গ উদ্যান নির্মাণ কৰা হ’ব পূর্বতে উক্ত ঠাইখিনি ৰবৰ গছেৰে পৰিপূর্ণ আছিল যদিও জুবিন গার্গ উদ্যান নির্মাণৰ স্বার্থতে প্রায় ৩০ বিঘা ৰবৰ বাগান ধ্বংস কৰা হয়৷ ৰবৰ বাগান ধ্বংস কৰি ঠাইখিনি চাফ–চিকুণ কৰা হয়৷