নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজপথত মৃত্যুৰ কিৰীলি : গহপুৰ-কাকপথাৰ-হাজো-ঢেকীয়াজুলিত দুৰ্ঘটনা

গহপুৰত দুৰ্ঘটনা, নিহত ট্ৰাক চালক

গহপুৰৰ ব্ৰহ্মাজান মহেন্দ্ৰপুৰৰ ১৫নং ৰাষ্ট্ৰীয় পথত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত হৈছে। পুৱতিনিশা লখিমপুৰ অভিমুখী ৰখাই থোৱা AS01 9344 নম্বৰৰ বিকল ট্ৰাক এখনত একে দিশৰে অহা AS01QC 4279 নম্বৰৰ ইটাভৰ্ত্তি ট্ৰাক এখনে পাছফালৰ পৰা খুন্দা মৰাত চালক কৃষ্ণ সোনোৱাল গুৰুত্বভাৱে আহত হয়। ইতিমধ্যে সোনোৱাল গহপুৰৰ চিকিৎসালয়ত মৃত্যু হৈছে। নিহত কৃষ্ণ সোনোৱালৰ ঘৰ লখিমপুৰৰ বগীনদীত।

কাকপথাৰত পথ দুৰ্ঘটনা, নিহত ৩ যুৱক 

মৃত্যুদূতত পৰিণত কাকপথাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ৷ কাকপথাৰৰ বৰডিৰাকত পুনৰ পথ দুৰ্ঘটনাত নিহত হয় তিনি যুৱক ৷ মটৰচাইকেল আৰু ট্ৰেইলাৰৰ মাজত সংঘৰ্ষ হয় ৷ দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলৰ নম্বৰ AS 23 Y 4198 আৰু ট্ৰেইলাৰখনৰ নম্বৰ AS 03 F 1300৷ ঘটনাস্থলীত কাকপথাৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ৷ নিহত যুৱককেইজন ক্ৰমে দীপাংকৰ মৰাণ, সুৰজ মকাণ, দীপজ্যোতি মৰাণ ৷ নিহত যুৱককেইজন কাকপথাৰৰ লিটং গাঁৱৰ বুলি জানিব পৰা গৈছে।

হাজোৰ শনিয়াদীত ভয়ংকৰ পথ দুৰ্ঘটনা

হাজোৰ শনিয়াদীত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বলেৰ’ বাহনে মহটিয়ালে তিনিগৰাকীকৈ পথচাৰী ছাত্ৰীক। টিউচনলৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা বলেৰ’ বাহনখনে মহটিয়াই লৈ যায় ছাত্ৰীকেইগৰাকীক। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী ছাত্ৰী, আন দুগৰাকীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ। উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’ বাহনখন। দুৰ্ঘটনাত থিতাতে নিহত হোৱা আদনিন নেহাৰ (১৪) জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী। আহত ছাত্ৰীকেইগৰাকী ক্ৰমে ছাহিন আখতাৰা (১৪) আৰু নাজমিন আখতাৰা (১৪)। ঘটনাস্থলীত উপস্থিত হৈছে হাজো আৰক্ষী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। ঘটনাস্থলীত উত্তেজনা অব্যাহত আছে।

ঢেকীয়াজুলিত বিদ্যুতৰ খুঁটাত খুন্দা মেজিকৰ

ঢেকীয়াজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা৷ নিয়ন্ত্ৰণ হেৰুৱাই ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিদ্যুতৰ খুঁটাত খুন্দিয়ালে এখন সামগ্ৰী কঢ়িয়াই অনা টাটা মেজিক বাহনে। কথমপি প্ৰাণ ৰক্ষা চালকৰ ৷ হাজোৰ গোলোকবজাৰৰ পৰা নুৰুল আমিন নামৰ লোকজনৰ প্লাই বৰ্ড কঢ়িয়াই অনা AS 01 S C 3348 নম্বৰৰ এখন টাটা মেজিক গাড়ীয়ে ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত এখন টমটম গাড়ীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুণ্ডা মৰাৰ ফলত চালক মুস্তাফা আলী (২৪) গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহত চালকজনক ঢেকীয়াজুলিৰ শ্বহীদ মনবৰ নাথ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

ডিজিটেল ডেস্ক, ২২ নৱেম্বৰ

You might also like