নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত শালমাৰাৰ পৰা আজি সন্ধিয়া বাইহাটা চাৰিআলি আৰক্ষীয়ে নিচাযুক্ত কফচিৰাপ জব্দ কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত বাতৰি অনুসৰি বাইহাটা চাৰিআলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি সন্ধিয়া অভিযান চলাই শালমাৰা চকৰ হেমন্ত ডেকাৰ ঘৰৰ চৌহদত অবৈধভাৱে ৰখা চাৰিশৰো অধিক নিচাযুক্ত কফচিৰাপৰ বটল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে হেমন্ত ডেকাক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ আগতেই পলায়ন কৰে ৷ বৰ্তমান হেমন্ত ডেকা পলাতক বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ উল্লেখ্য যে, বাইহাটা চাৰিআলিৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে থানা খনৰ এলেকাত অভিযান চলাই থকাৰ সময়তে আজি বৃহৎ পৰিমাণৰ কফ চিৰাফ সমূহ জব্দ কৰিবলৈ সক্ষম হয় ।