লকডাউনৰ সুবিধাঃ বইটামাৰীৰ ২ টা মন্দিৰত চুৰি
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ লকডাউনত সমগ্ৰ জনজীৱন স্তব্ধ হোৱাৰ সুযোগ গ্ৰহণ কৰি বঙাইগাঁও জিলাৰবইটামাৰীত এটা মন্দিৰত যোৱানিশা সোমাল চোৰ । বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত অঞ্চলটোৰ ধলাগাঁও বজাৰৰ সমীপৰ বাশবাৰী দ্বিতীয় খণ্ডৰ জগন্নাথ মন্দিৰৰ পৰা চোৰে বাকচৰ তলা ভাঙি ৰূপৰ ত্ৰিশূল, বেলপাতৰ লগতে পিতলৰ বিভিন্ন সামগ্ৰী আৰু নগদ ধন লৈ যায় ।
পুৱাই গাঁওখনৰ লোকে এই বিষয়ে জানিব পাৰি বঙাইগাঁও আৰক্ষীক অভিযোগ দাখিল কৰে । বঙাইগাঁও চহৰৰ সমীপতে থকা জেলকাঝাৰস্থিত দক্ষিণা কালী মন্দিৰৰো দান বাকচ ভাঙি নগদ ধন নিয়ে চোৰে ।