নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ দিন-ৰাতি একাকাৰ কৰিছে মানুহজনে। পুৱা যদি লখিমপুৰত বিয়লি আকৌ বৰপেটাত। নিশা এপৰত যদি গোৱালপাৰত আকৌ ঘূৰি আহিছে সোণাপুৰলৈ… মাথোঁ মানুহজন দৌৰিছে। কষ্ট কৰিছে জনতাৰ স্বাৰ্থত। সন্মুখত বিপদ নিশ্চিত! এই বিপদৰ পৰা অজস্ৰজনক ৰক্ষাৰ কৰিবলৈ প্ৰাণটাকি কষ্ট কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই জটিল সন্ধিক্ষণত সকলো চিকিৎসক নাৰ্চক মনোবল বৃদ্ধি কৰিবলৈও চেষ্টা কৰিছে মন্ত্ৰীগৰাকীয়ে।
তেওঁৰ অহোপুৰুষাৰ্থৰ মূল্য দিছে অসমৰ প্ৰতিজন জনতাই। সকলোৱে একেমুখে মন্ত্ৰী ড০ শৰ্মাৰ কামৰ শলাগ লৈছে, এগৰাকী দক্ষ, প্ৰতিভাৱান মন্ত্ৰী হিচাপে স্বীকৃতি দিছে। সকলো জনতাই তেওঁক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে প্ৰতিটো ক্ষণত তেওঁলগত একেলগে খোজ দিয়াৰো প্ৰতিশ্ৰুতি দিছে। এয়া যেন তেওঁৰ প্ৰতি অসমবাসীৰ মৰম, আৰ্শীবাদ। এজন অভিভাৱকৰ দৰেই বুজাইছে কি কৰিব, কি নকৰিব….।
কৰ’ণা আক্ৰান্তৰ বাবে সাজু কৰি থোৱা প্ৰতিখন হাস্পতাল পুংখানুপুংখকৈ নিৰীক্ষণ কৰিছে মন্ত্ৰীগৰাকীয়ে, বুজ লৈছে আক্ৰান্ত ১৬গৰাকী ৰোগীৰ স্বাস্থ্য। অসমৰ পৰিস্থিতি আৰু যেন বেয়াৰ দিশে ঢাল নাখায় তাৰ বাবে সকলোৱে লক ডাউন মানি চলাৰ লগতে কৰ’ণাৰ বিৰুদ্ধে এই যুদ্ধত যেন জয়ী হৈ এখন সুস্থ সমাজ গঢ়ি তুলিবলৈও সকলোকে আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।