নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত উপেন ৰাভা হাকাচামৰ জন্মদিন ‘সৰলতাৰ দিন’ হিচাপে উদযাপন

অসমৰ আগশাৰীৰ গৱেষণা মঞ্চ ‘দগো ৰাংছাং গৱেষণা সমিতি’য়ে অসমৰ লোক-সংস্কৃতিৰ গৱেষক-পণ্ডিত, বিশিষ্ট ভাষাবিদ, সাহিত্যক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড0 উপেন ৰাভা হাকাচামৰ জন্মদিনটো অৰ্থাৎ দুই জানুৱাৰী ‘সৰলতাৰ দিন’ হিচাপে পালন কৰি আহিছে। কালিও মৰিগাঁও জিলাৰ জাগীৰোডৰ শিলচাঙত তেওঁৰ জন্মদিনটো উলহ-মালহেৰে উদযাপন কৰা হয়। উপেন ৰাভা হাকাচামৰ জীৱন দৰ্শন, সৃষ্টিৰাজি আৰু বিশাল ব্যক্তিত্বৰ ওপৰত ভাষণ আগবঢ়ায় জ্যেষ্ঠ সাংবাদিক প্রকাশ মহন্তই।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰকাশ মহন্তই কয়- উপেন ৰাভাৰ সাহিত্যৰ প্ৰতিটো শব্দই অসমীয়া সাহিত্যৰ মেটমৰা ভঁৰাল চহকী কৰিছে। হাকাচামৰ সৰলতাই অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ লোকৰ পৰা যথেষ্ট মৰম-আদৰ বুটলিবলৈও সক্ষম হৈছে।বিশিষ্ট সাহিত্যিক ড০ অংশুমান শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত প্ৰকাশ মহন্তই লগতে কয় যে উন্নয়নৰ ত্বৰান্বিত গতিয়ে যাতে অসমৰ ইতিহাস, ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব নোৱাৰে সেই দিশবোৰৰ প্ৰতিও চৰকাৰ তথা সংশ্লিষ্ট বিভাগবোৰে চকু দিয়াৰ প্ৰয়োজন আছে।

বিশিষ্ট ভাষাবিদগৰাকীৰ ৬৩ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি দিনজোৰা কাৰ্যসূচীৰে বহুকেইটা কাৰ্যসূচী লোৱা হৈছে। বন্তি প্ৰজ্বলনৰ পাছতে তিৱা লোকনৃত্য পৰিৱেশনেৰে আৰম্ভ হয় অনুষ্ঠান। সৰলতাৰ দিনৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাহিত্যিক উপেন ৰাভা হাকাচামে। ইয়াৰ পিছতে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিল্পী সুভেন বৰদলৈয়ে। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি “অসমীয়া গীতি সাহিত্যত লোক-সাহিত্যৰ সমল” শীর্ষক বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হয়। ইয়াত মূল বক্তৃতা প্রদান কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ অজিত ভৰালীয়ে।

‘সৰলতাৰ দিন’ উপলক্ষে বিগত বৰ্ষৰ দৰে ২০২৬ বৰ্ষৰ বাবেও সমিতিৰ তৰফৰ পৰা শিশু সাহিত্য বঁটা প্রদান কৰে জোঙাল বলহু গড় মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্রী তথা বিশিষ্ট লেখিকা মনোৰমা ভূঞাক। এই অনুষ্ঠানতে তিৱা সাহিত্য-সংস্কৃতিৰ একনিষ্ঠ সাধক, শিক্ষক, সমাজসেৱক তথা ‘তিৱা মাথনলাই তোখ্ৰা’ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি মহেশ্বৰ পাতৰক বিশেষভাৱে সম্বর্ধনা জনোৱা হ’য়।

উল্লেখযোগ্য যে অনুষ্ঠানত সমিতিৰ গৱেষণা পত্ৰিকাৰ লগতে কেইবাখনো গ্রন্থ উন্মোচন কৰা হয়।এই অনুষ্ঠানৰ আহ্বায়ক হিচাপে আছে মৰিগাঁও জিলা তিৱা মাথনলাই তোখ্ৰা। সভাত উপস্থিত থাকি ভাষণ আগবঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্ৰফুল্ল কুমাৰ নাথ আৰু তিৱা লোক সাহিত্যক মহেশ্বৰ পাতৰে। আদৰণী অনুষ্ঠানৰ আঁত ধৰে যোৰহাট মহাবিদ্যালয়ৰ অধ্যাপক ড০ জ্যোতিৰ্ময় বৰদলৈয়ে আৰু শলাগৰ শৰাই আগবঢ়ায় অধ্যাপিকা ড০ সংগীতা ৰাজখোৱাই। সভাত তিৱা মাথনলাই তোখ্ৰাৰ মৰিগাঁও জিলাৰ সভাপতি হলধৰ বৰদলৈ, সম্পাদক কমলা পাতৰ, গৱেষক হাতেম আলী আৰু খোলা ডেউৰজাও উপস্থিত থাকে।

নিয়মীয়া বাৰ্তা, ৰামপুৰ, ৩ জানুৱাৰী :
You might also like