নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ সমগ্ৰ অসমৰ ১৬ গৰাকী ক’ভিড-১৯ আক্ৰান্তৰ ৮ গৰাকীয়েই গোলাঘাট জিলাৰ বুলি চিহ্নিত হোৱাৰ পাছত জিলাখনত পৰিস্থিতি ভয়াৱহ হৈ পৰিছে । গোলাঘাট জিলাৰ মেৰাপানী ইয়াকুব আলী, জেচমিনা বেগম, চালেহা বেগম, ৰুমা বেগম, মৰঙি লুৰুকীহাটৰ আইদৰ আলী, এলিনা বেগম, দেৰগাঁও দীঘলীপামৰ দম্পতী আনোৱাৰ হুছেইন আৰু ৱাহিদা বেগমৰ দেহত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছত জিলাবাসী ত্ৰাসিত হৈ পৰিছে । এই আটাইকেইগৰাকী দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত তবলিগী জামাতত অংশগ্ৰহণ কৰি উভতি অহা বুলি জানিব পৰা গৈছে । দেৰগাঁৱৰ আনোৱাৰ হুছেইন আৰু ৱাহিদা বেগম দীঘলীপামৰ ঘন জনবসতিপূৰ্ণ অঞ্চলত বাস কৰে । দুয়োগৰাকীৰ পিতৃৰ লগতে বহু আত্মীয়ৰ সৈতে বিগত দিনত সংস্পৰ্শলৈ অহাটো নিশ্চিত হৈ পৰাত সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।
আনহাতে আনোৱাৰ হুছেইনে মছজিদলৈ গৈ নামাজত নিয়মিতভাৱে অংশগ্ৰহণ কৰি অহা বুলি জানিব পৰা গৈছে । তেওঁৰ পিতৃয়েও স্বাভাৱিকভাৱে উক্ত অঞ্চলত চলা-ফুৰা কৰি থকা বুলি স্থানীয় লোকে অৱগত কৰিছে । তদুপৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ যোৱা স্বাস্থ্যকৰ্মীসকলেও বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু আনোৱাৰ হুছেইনৰ পিতৃয়ে দেৰগাঁৱত শাক-পাচলি আদিও বিক্ৰী কৰি আহিছিল বুলি জানিব পৰা গৈছে । সেইদৰে মৰঙিৰ আক্ৰান্ত আইদৰ আলীয়েও নামাজত অংশগ্ৰহণ কৰি অহা বুলি জানিব পৰা গৈছে । যাৰ ফলত সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে । উক্ত আঠগৰাকী ক’ৰোনা পজিটিভ ৰোগীকে ধৰি সম্প্ৰতি গোলাঘাট অসামৰিক চিকিৎসলয়ত মুঠ ৪৫ গৰাকী লোকক উক্ত ৰোগীসকলৰ সংস্পৰ্শলৈ অহাৰ সন্দেহত আছুতীয়া কক্ষত ভৰ্তি কৰা হৈছে । ইয়াৰে ২০ গৰাকীৰ তেজৰ নমুনা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি অধীক্ষক ডা০ উত্তম দত্তই জনাইছে । প্ৰশাসনে ইতিমধ্যে মেৰাপানীৰ ভেলৌগুৰি, ইছলামপুৰ , ৰামপুৰ, মৰঙিৰ লুৰুকীহাট আৰু দেৰগাঁৱৰ দীঘলীপাম গাঁও ক’ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে সম্পূৰ্ণৰূপে ছীল কৰি দিছে ।
প্ৰশাসনে সম্প্ৰতি পাঁচখন আদৰ্শ চিকিৎসালয়, নাৰ্ছিং হোম, এনাজৰী বিবাহ ভৱন, জি এন এম প্ৰশিক্ষণ কেন্দ্ৰ, মহেশ্বৰী বিবাহ ভৱন আৰু গোলাঘাট অভিয়ান্ত্ৰিক মহাবিদ্যালয়ত মুঠ ২৫০ খন বিচনা আইছুলেচনৰ বাবে ব্যৱস্থা কৰি ৰাখিছে । গোলাঘাট জিলাৰ এনে ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি জিলাখনত উপস্থিত হ’ব স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । ইফালে, জিলাখনৰ এনে ভয়ংকৰ পৰিস্থিতিত জিলাবাসীক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে কৃষিমন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই ।