অসমক অশান্ত কৰাৰ ব্লু–প্রিণ্টেৰে সক্রিয় মৌলবাদী শক্তি
বিধানসভা নির্বাচনৰ পূর্বে অসমক অশান্ত কৰাৰ এক ভয়ংকৰ ষড়যন্ত্র ৰচিছে বাংলাদেশী মৌলবাদীয়ে৷ ৰাজ্য চৰকাৰে অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে গ্রহণ কৰা কঠোৰ স্থিতি তথা ভূমি উচ্ছেদৰ আলম লৈ মৌলবাদী শক্তিসমূহে সংখ্যালঘু অধ্যুষিত এলেকাত থিতাপি লৈ ৰচিছে ৰাজ্যখনক অশান্ত কৰাৰ ব্লু–প্রিণ্ট৷ এই কথা অৱগত কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কয়– অসমক লৈ এক বহুত ডাঙৰ ষড়যন্ত্র চলি আছে৷ এই বিষয়টো নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রীক সাক্ষাৎ কৰাৰ সময়ত আলোচনা কৰা হৈছিল৷ যোৱা চাৰে চাৰি বছৰ অসমখন সম্পূর্ণৰূপে শান্ত আছিল৷ হঠাৎ অসমত মৌলবাদী শক্তিসমূহ সক্রিয় হৈ পৰিছে৷ শেহতীয়াকৈ বাংলাদেশৰ পৰা অহা কেইবাজনো জেহাদীক গ্রেপ্তাৰ কৰাৰ পাছত এইকেইজন জেহাদীৰ পৰাই এই তথ্য পোহৰলৈ আহিছে৷
বাংলাদেশতো শেহতীয়াকৈ হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে৷ উল্লেখ্য যে অসম আৰক্ষীৰ এছটিএফে অভিযান চলাই নামনি অসমৰ কেইবাখনো জিলা আৰু ত্রিপুৰাৰ পৰা ১১জন জেহাদীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ এই জেহাদীকেইজনৰ ওপৰত চলোৱা জেৰাৰ পাছতে অসমক অশান্ত কৰাৰ বহু তথ্য পোহৰলৈ আহিছে৷
আৰক্ষী সূত্রই ইতিমধ্যে প্রকাশ কৰা অনুসৰি নির্বাচনৰ প্রাক্ক্ষণত অসমক অশান্ত কৰিবলৈ জেহাদীকেইজনক বাংলাদেশৰ পৰা বিশেষ নির্দেশ দিয়া হৈছিল৷ ইয়াৰ বাবে গ্রেপ্তাৰ হোৱা জেহাদীকেইজনৰ দুজন জেহাদীয়ে বাংলাদেশত ইয়াৰ বাবে প্রশিক্ষণো লৈ আহিছিল৷ সেয়াই নহয়, মৌলবাদী কাম–কাজ আগুৱাই নিয়াৰ বাবে ধন সংগ্রহতো নামি পৰিছিল এই জেহাদীকেইজন৷
তদুপৰি বিভিন্ন ধৰণৰ ধর্মীয় গ্রন্থ বিতৰণেৰে জেহাদৰ প্রতি দুখীয়া মুছলমান যুৱকক আকর্ষণ কৰাৰ চেষ্টা চলাই থকা জেহাদীকেইজনৰ লক্ষ্য আছিল কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰা৷ অসম আৰক্ষীয়ে চলোৱা বিশেষ অভিযানত এই জেহাদীকেইজন গ্রেপ্তাৰ হোৱাৰ পাছত ৰাজ্যখনক লৈ চুবুৰীয়া বাংলাদেশৰ মৌলবাদী সংগঠনে ৰচনা কৰা ষড়যন্ত্রও অধিক স্পষ্ট হৈছে৷
মুখ্যমন্ত্রী ড০ শর্মাই সমগ্র বিষয়টো সন্দর্ভত ৰাইজক অধিক সতর্ক হৈ থাকিবলৈ আহ্বান জনাই কয়– নির্বাচনলৈ আমি সাৱধান থাকিব লাগিব৷ সকলোৱে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব৷ স্মর্তব্য যে এছটিএফে শেহতীয়াকৈ চলোৱা অভিযানত নামনি অসমৰ বৰপেটা, চিৰাং, বাক্সা আৰু দৰং জিলাৰ লগতে ত্রিপুৰাৰ পৰা এই জেহাদীকেইজনক গ্রেপ্তাৰ কৰিছিল৷ জেহাদীকেইজনৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্র–শস্ত্র উদ্ধাৰ কৰিছিল এছটিএফে৷
বাংলাদেশৰ জামাত–উল–মুজাহিদীন্ বাংলাদেশ, চমুকৈ জেএমবিৰ দ্বাৰা প্রশিক্ষিত এই জেহাদীকেইজনৰ উদ্দেশ্য আছিল নামনি অসমৰ মুছলমান অধ্যুষিত এলেকাত জেহাদৰ কার্যকলাপ বৃদ্ধি কৰা৷ বিধানসভা নির্বাচনক লক্ষ্য কৰি জেহাদীকেইজনে আৰম্ভ কৰা এই কার্যকলাপ যথেষ্ট দূৰলৈ শিপাইছিল যদিও এছটিএফৰ অভিযানত অসমক অশান্ত কৰিব খোজা ষড়যন্ত্র ব্যর্থ হয়৷
এই বিষয়টোৱে ইতিমধ্যে দেশজুৰি সৃষ্টি কৰিছে যথেষ্ট চাঞ্চল্যৰ৷ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত অসমক অশান্ত কৰাৰ এই ষড়যন্ত্রক লৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ো উদ্বিগ্ণ৷ যাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রীৰ সৈতে জেহাদীৰ আগ্রাসনৰ বিষয়টোক লৈ দীঘলীয়া আলোচনাত বহে৷
ডিজিটেল ডেস্ক, ৮ জানুৱাৰী