নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ বছৰত প্রস্তাৱিত ২১৩টা উন্নয়নমূলক কামৰ সম্পূর্ণ মাত্র ১০টাহে

প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈৰ সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজিত বিয়াগোম অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ২০১৯ চনৰ পৰা ২০২৪ চনলৈ পূর্বৰ কলিয়াবৰ তথা বর্তমানৰ কাজিৰঙা লোকসভা সমষ্টিক প্রতিনিধিত্ব কৰিছিল গগৈয়ে৷

সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি উক্ত পাঁচ বছৰীয়া সময়ছোৱাত গগৈয়ে আবণ্টন লাভ কৰে ৪.৯১ কোটি টকা৷ ইয়াৰে ৩.২৮ কোটি টকা ব্যয় কৰা দেখুওৱা হৈছে৷ কিন্তু বাকী ১.৬৩ কোটি টকাৰ কোনো হিচাপ নাই৷

এতিয়া স্বাভাৱিকতে প্রশ্ন উঠিছে এই ১.৬৩ কোটি টকা ক’লৈ গ’ল? উত্থাপিত অভিযোগ অনুসৰি উক্ত আবণ্টিত পুঁজিৰ বিপৰীতে ২১৩টা উন্নয়নমূলক কামৰ প্রস্তাৱ দিয়া হৈছিল৷ পিছে ইয়াৰে ১০টাহে সম্পূর্ণ হোৱা দেখুওৱা হৈছে৷ অর্থাৎ ৫ বছৰত ২১৩টা কামৰ ভিতৰত সম্পূর্ণ কৰিবলৈ সক্ষম হ’ল মাত্র ১০টাহে৷

এনে অৱস্থাত সচেতন মহলে প্রশ্ন উত্থাপন কৰিছে– এয়াই যদি উন্নয়ন হয়, তেন্তে ব্যর্থতা কাক কয়? আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল সম্পূর্ণ হোৱা ১০টা কামৰ ক্ষেত্রতো প্রমাণ হিচাপে নাই বাস্তৱ ক্ষেত্রৰ কোনো আলোকচিত্র৷ নিয়ম অনুসৰি সম্পূর্ণ হোৱা প্রতিটো কামৰ আলোকচিত্র আপলোড কৰাটো বাধ্যতামূলক৷

১০টা কামৰ ৮টাৰ ক্ষেত্রতে আলোকচিত্র পাবলৈ নাই৷ বাকী দুটাৰো বাস্তৱ ক্ষেত্রৰ আলোকচিত্র নহয়৷ কেৱল পিডিএফ ফাইলহে আপলোড কৰা হৈছে৷ কার্যতঃ এই সমগ্র বিষয়টোৱে গগৈৰ সাংসদ হিচাপে নিজ সমষ্টিৰ উন্নয়নৰ প্রতি থকা দায়বদ্ধতাৰ প্রকৃত মনোভাব উদঙাই দিছে৷

ডিজিটেল ডেস্ক, ৮ জানুৱাৰী

You might also like