নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালীৰ আনন্দত দুখৰ খবৰ : ৰাজ্যজুৰি পথ দুৰ্ঘটনাত দুই ভগ্নীসহ নিহত ৭

ভোগালী বিহুৰ মাজতে অসমৰ বিভিন্ন স্থানত সংঘটিত একাধিক ভয়ংকৰ পথ দুৰ্ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে। মুঠ চাৰিটা পৃথক দুৰ্ঘটনাত দুই নাবালিকা ভগ্নীসহ কমেও ৭জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হয়। এই দুৰ্ঘটনাকেইটা মৰিগাঁও, ৰঙিয়া, গোৱালপাৰা আৰু মেঘালয়ৰ শ্বিলঙৰ উপকণ্ঠত সংঘটিত হয়।

মৰিগাঁৱত উৎসৱৰ আনন্দ পৰিণত শোকত
মৰিগাঁও চহৰৰ সমীপৱৰ্তী ভোৰবন্ধা অঞ্চলত সংঘটিত এক দুৰ্ঘটনাত দীপজ্যোতি শইকীয়া আৰু অৰূপ ডেকা নামৰ দুজন লোক থিতাতে নিহত হয়। আত্মীয় সম্পৰ্কীয় এই দুজন লোক অৰূপৰ ভাতৃয়ে বিএছএফত চাকৰি পোৱাৰ উপলক্ষে আয়োজন কৰা নৈশভোজৰ পৰা ঘৰলৈ উভতি আহোঁতে তেওঁলোকৰ মটৰচাইকেলখন পথৰ কাষৰ দেৱালত খুন্দা মাৰে। এই দুৰ্ঘটনাই অঞ্চলটোত গভীৰ শোকৰ সৃষ্টি কৰে।

গোৱালপাৰাত দুজনৰ মৃত্যু
গোৱালপাৰা চহৰৰ ভালুকডুবি অঞ্চলত সংঘটিত আন এক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয় আৰু আন এজন গুৰুতৰভাৱে আহত হয়। ভালুকডুবিৰ পেট্ৰ’ল পাম্পৰ সমীপত এখন ই-ৰিক্সা আৰু এখন ব’লেৰোৰ মাজত সংঘৰ্ষ ঘটে। নিহত দুজন হৈছে ভালুকডুবিৰ ৰাফিলা মাৰাক আৰু আগিয়াৰ টোকোৰাপাৰাৰ ধনমণি নাথ।

দুই নাবালিকা ভগ্নীৰ মৃত্যু, ছয়জন আহত
দক্ষিণ কামৰূপৰ নগৰবেৰাৰ বদলা পাথাৰ টিয়াপাৰাৰ বাসিন্দাসকলৰ মাজতো শোকৰ ছাঁ পৰে, যেতিয়া শ্বিলং বাইপাছত সংঘটিত দুৰ্ঘটনাত দুই নাবালিকা ভগ্নী অকালতে প্ৰাণ হেৰুৱায়। মৃত কন্যা দুগৰাকী হৈছে আয়েশা ছিদ্দিকা (৯) আৰু জেমিনা খাতুন (৭)। শিলঙৰ লাইটুমখ্ৰাহত কৰ্মৰত পিতৃক সাক্ষাৎ কৰিবলৈ গৈ থকা ব’লেৰোখন নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা ঘটে। দুৰ্ঘটনাত চালকসহ আন ছয়জনো গুৰুতৰভাৱে আহত হয়। আহতসকলক শ্বিলং চিভিল হাস্পতালত চিকিৎসা প্ৰদান কৰা হৈছে। নাবালিকা দুগৰাকীৰ মৃতদেহ কালি নিশা গাঁৱলৈ অনা হয় আৰু শেষকৃত্য সম্পন্ন কৰা হয়।

ৰঙিয়াত একাধিক বাহনৰ সংঘৰ্ষ, এজনৰ মৃত্যু
ৰঙিয়াৰ মৰাণজানা অঞ্চলত স্কুটাৰ, ছুইফ্ট গাড়ী আৰু ট্ৰাক জড়িত এক ভয়ংকৰ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। খবৰ অনুসৰি, স্কুটাৰখনে আগত গৈ থকা ট্ৰাকখন অভাৰটেক কৰিবলৈ গৈ তললৈ সৰি পৰে। তাৰ পিছত ট্ৰাকচালকে হঠাতে ব্ৰেক লগোৱাত গুৱাহাটী অভিমুখী এখন ছুইফ্ট গাড়ীয়ে ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে। স্কুটাৰচালক থিতাতে নিহত হয় যদিও ছুইফ্ট গাড়ীৰ চাৰিজন যাত্ৰী আহত হয় আৰু তেওঁলোকক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

ডিজিটেল ডেস্ক, ১৬ জানুৱাৰী

You might also like