শিল্পী সুৰেন শইকীয়ালৈ অসম চৰকাৰৰ এককালীন শিল্পী পেন্সন
মাজুলীৰ নতুন দেওঁদিয়াআটী গাঁৱৰ সুৰেন শইকীয়াই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আগবঢ়োৱা ২০২৬ বৰ্ষৰ শিল্পী পেন্সনৰ এককালীন সাহাৰ্য্য লাভ কৰিবলৈ সক্ষম হৈছে। শিল্পীগৰাকীয়ে অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰাৰ সকলোৱে আনন্দ প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে বিগত বছৰ বছৰ ধৰি অঞ্চলটোত সাংস্কৃতিক কাৰ্য্যত জড়িত থকাৰ উপৰিও মধ্য মাজুলী অঞ্চলৰ নামঘৰীয়া হিচাপে কৰ্ম সম্পাদন কৰি আহিছে সুৰেন শইকীয়াই। সমান্তৰালকৈ শিল্পীগৰাকীয়ে গুগোলৰ কঠ নিৰ্মাণেৰে শিল্পী পৰিয়ালটো ভৰন-পোষণ দি আহিছে।
অসমৰ বিভিন্ন স্থানত শিল্পী গৰাকীয়ে নিখুঁত ভাৱে প্ৰস্তুত কৰা গুগোলৰ কঠৰ বহু চাহিদা আছে। অতি নিখুঁতভাৱে প্ৰস্তুত কৰা এই কঠসমূহৰ বাবে প্ৰয়োজন হোৱা গুগোল (কেঁচামাল)ৰ শিল্পীগৰাকীয়ে ভুৰামৰা বিল, ভোগপুৰ বিলৰ পৰা কষ্ট সাধ্যভাৱে সংগ্ৰহ কৰি আহিছে।
নানা দুৰ্যোগৰ মাজতো শিল্পীগৰাকীয়ে অসমীয়া থলুৱা শিল্প এটি নান্দনিকতাৰ মাজেৰে জীয়াই ৰখাৰ চেষ্টাত ব্ৰতী হৈ আহিছে। স্থানীয় নামঘৰীয়া হিচাপেও পৰিচিত সুৰেন শইকীয়া এইবাৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত প্ৰদান কৰা এককালীন সাহায্য লাভ কৰাক লৈ শিল্পী সুৰেন শইকীয়াই চৰকাৰক ধন্যবাদ জনাইছে। লগতে গাঁওবাসী আৰু অঞ্চলটোৰ লোকেও সুৰেন শইকীয়াই এই সন্মান লাভ কৰাক লৈ গৌৰৱ অনুভৱ কৰিছে।
নিয়মীয়া বাৰ্তা, বনগাঁও, ১৭ জানুৱাৰী