নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহুৰ পূর্বে নির্বাচন ! যিকোনো মুহূর্ততে দিন ঘোষণা

বিহুৰ পূর্বে হ’ব পাৰে ৰাজ্যৰ বিধানসভা নির্বাচন৷ যিকোনো মুহূর্তত নির্বাচনৰ দিন ঘোষণাৰ বাবে আয়োগে চলাইছে প্রস্তুতি৷ বিহুৰ পূর্বে নির্বাচন হোৱাৰ সম্ভাৱনাক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো স্পষ্ট কৰিলে৷

এই প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয়– ২০২১ চনৰ বিধানসভা নির্বাচনৰ অধিসূচনা ২৭ ফেব্রুৱাৰীত জাৰি হৈছিল৷ ৰাজ্য চৰকাৰে বিচাৰে যে ব’হাগ বিহুৰ পূর্বেই নির্বাচন হ’ব লাগে, অসমৰ ৰাইজেও ইয়াকেই বিচাৰে৷

বিগত তিনিটা নির্বাচনত মই প্রত্যক্ষ কৰিছোঁ, ব’হাগ বিহুৰ পূর্বেই আয়োগে নির্বাচন অনুষ্ঠিত কৰিছে৷ গতিকে এইবাৰো ধৰি ল’ব পাৰোঁ, ব’হাগ বিহুৰ পূর্বেই নির্বাচন হ’ব৷ ২০২১ বর্ষত ২৭ ফেব্রুৱাৰীত, ২০১৬ বর্ষত ১ মার্চত নির্বাচনৰ অধিসূচনা জাৰি কৰিছিল৷

গতিকে ধৰি ল’ব পাৰোঁ, ২–৩ দিনৰ তাৰতম্য হ’ব পাৰে, কিন্তু মোটামুটি নির্বাচনৰ মাজত আমি এতিয়া সোমাই গৈছোঁ৷ যিকোনো মুহূর্ততেই নির্বাচনৰ দিন ঘোষণা হৈ যাব৷

ডিজিটেল ডেস্ক, ৩০ জানুৱাৰী

You might also like