সম্পাদকীয় : যুঁজ–বাগৰ
পৃথিৱীৰ প্রাণীকুলৰ সৈতে যুদ্ধৰ যেন এৰাব নোৱাৰা সম্পর্ক৷ নিজৰ স্থিতিত টিকি থাকিবলৈ এই যুদ্ধৰ প্রয়োজন হয়, সেয়া লাগিলে খাদ্যৰ বাবেই হওক বা বাসস্থানৰ বাবেই হওক৷ মানুহেও আদিম যুগত বিভিন্ন ধৰণৰ যুঁজ–বাগৰ কৰিবলগীয়া হৈছিল৷ সময়ৰ পৰিৱর্তনৰ লগে লগে যুঁজ–বাগৰৰ পৰিসৰ সলনি হ’ল৷
মানুহে সমাজ পাতি বসবাস কৰিবলৈ লোৱাৰে পৰাই এজন সমাজৰ মুখিয়াল হোৱা প্রথাৰ আৰম্ভণি হ’ল৷ এই মুখিয়ালগৰাকীৰ হাতলৈ ক্রমান্বয়ে ক্ষমতা বর্ধিত হাৰত আহিবলৈ ধৰাত তেওঁ নিজৰ প্রতাপ দেখুৱাবলৈ বা আন কোনোৱে তেওঁক বশ কৰিবলৈ চেষ্টা কৰাত যুদ্ধত লিপ্ত হৈছিল৷ কেতিয়াবা খাদ্য বা আন সম্পদৰ বাবেও এনেদৰে বিভিন্ন ফৈদৰ মাজত যুদ্ধ হৈছিল৷ কালক্রমত কেইবাখনো সৰু সৰু সমাজ লগ লাগি একোখন ৰাজ্য গঠন হ’ল৷
কেইবাখনো ৰাজ্য লগ লাগি একোখন সাম্রাজ্য গঠন হ’ল৷ ফলত, সম্পদ আৰু প্রতাপ বাঢিল৷ স্বাভাৱিকতে তাকে লৈ হোৱা যুদ্ধৰ সংখ্যা আৰু প্রাবল্যও বৃদ্ধি পালে৷ মধ্যযুগত ৰজা–মহাৰজাসকলৰ্ মাজত যুঁজ–বাগৰ হোৱাটো এটা সাধাৰণ কথা আছিল৷
পিছলৈ যুদ্ধৰ ধৰণ আৰু ধাৰণা সলনি হ’বলৈ ধৰিলে৷ যুদ্ধবোৰ বিক্ষিপ্ত হোৱাৰ সলনি যুটীয়া হ’বলৈ ধৰিলে৷ কুৰি শতিকাতে তেনে দুখনকৈ যুদ্ধ দেখিবলৈ পালে পৃথিৱীবাসীয়ে৷ পৃথিৱীৰ ৰাষ্ট্রসমূহ দেখদেখকৈ দুটা শিবিৰত ভাগ হৈ পৰিল আৰু প্রথম বিশ্বযুদ্ধ তথা দ্বিতীয় বিশ্বযুদ্ধৰ দৰে আগ্রাসনৰ বিধ্বংসী ৰূপ দেখাৰ দুর্ভাগ্য ঘটিল বিশ্ববাসীৰ৷
তৃতীয় বিশ্বযুদ্ধৰ সংহাৰী ৰূপ দেখি স্তম্ভিত হৈ পৰিল শান্তিকামী জনসাধাৰণ৷ আনকি, তৃতীয় বিশ্বযুদ্ধৰ পিছত প্রখ্যাত বিজ্ঞানী এলবার্ট আইনষ্টাইনকো এবাৰ ‘চতুর্থ বিশ্বযুদ্ধৰ সম্ভাৱনা কিমান’ বুলি সোধা এটা প্রশ্ণৰ উত্তৰত তাৎপর্যপূর্ণ কথা এষাৰ কৈছিল৷ তেওঁ কৈছিল যে তৃতীয় বিশ্বযুদ্ধ হ’বনে নাই তেওঁ নাজানে, কিন্তু চতুর্থ বিশ্বযুদ্ধ যে নহয় সেয়া খাটাং৷
অর্থাৎ কেতিয়াবালৈ যদি তৃতীয় বিশ্বযুদ্ধ হ’বলৈ হয়, তেন্তে চতুর্থ এখন বিশ্বযুদ্ধ হোৱাৰ কোনো অৱকাশেই নাথাকিব৷ তৃতীয় বিশ্বযুদ্ধ মানেই মানৱ সভ্যতাৰ পতন বুলি ক’ব পাৰি৷ কিন্তু তাৰ পিছতো পৃথিৱীখন মুখ্যতঃ দুটা শিবিৰতে বিভক্ত হৈ থাকিল৷ এটা মার্কিন যুক্তৰাষ্ট্র শিবিৰ আৰু আনটো ছোভিয়েট ৰাছিয়া শিবিৰ৷
তাৰ ফলত ছোভিয়েট ৰাছিয়াৰ পতন নঘটালৈকে দুয়োটা শিবিৰৰ মাজত শীতল যুদ্ধ চলি থাকিল৷ লাহে লাহে বহুধা বিভক্ত হৈ পৰিল পৃথিৱীৰ ৰাষ্ট্রসমূহ৷ তাৰ মাজতো অর্থনৈতিকভাৱে শক্তিশালী হোৱাৰ বাবেই মার্কিন যুক্তৰাষ্ট্রৰ দপ্দপনি চলি থাকিল অন্যান্য দেশসমূহৰ ওপৰত, বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহৰ ওপৰত৷ মার্কিন ৰাষ্ট্রপতিসকলে নিজকে একচ্ছত্রী সম্রাট বুলি ভাবিবলৈ ধৰিলে৷
চলে– বলে–কৌশলে নিজৰ আধিপত্য বিস্তাৰ কৰি আন আন দেশসমূহৰ পৰা অর্থনৈতিক লাভালাভ আদায় কৰাটোৱেই লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিল৷ এইক্ষেত্রত বর্তমানৰ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্প যেন এখোপ চৰা৷ তেওঁৰ দ্বিতীয়টো কার্যকালত তেওঁক অধিক আগ্রাসী ৰূপত দেখিবলৈ পোৱা গ’ল৷
অৱশ্যে তেওঁৰ ক্ষেত্রত এটা পার্থক্য দেখিবলৈ পোৱা গ’ল যে তেওঁ নিজৰ দেশখনক আৰু অধিক টককিয়াল কৰাৰ বাবে যিমান আগ্রহী, সিমানেই আগ্রহী নিজকে এজন ‘হিৰো’ হিচাপে উপস্থাপন কৰিবলৈ৷ তাৰ বাবে তেওঁ বিভিন্ন দেশক ‘হাতে মৰা’ আৰু ‘ভাতে মৰা’ দুয়োটা নীতিয়েই অৱলম্বন কৰিছে৷
নিজৰ মতে কিছুমান অভিযোগ উত্থাপন কৰি কোনো কোনো দেশৰ ওপৰত দখলদাৰী চলোৱা বা কোনো দেশৰ আভ্যন্তৰীণ বিষয়ত অনধিকাৰ মাত মতা আদিৰ জৰিয়তে তেওঁৰ নিজকে বৰমতা দেখুওৱাৰ প্রচেষ্টা আজি সকলোৰে বিদিত৷ আন কোনোবাখন দেশৰ সৈতে এনে সুৰুঙা নাথাকিলে কিছুমান আওপকীয়া অভিযোগৰ ভিত্তিত অর্থনৈতিক প্রতিবন্ধকতা আৰোপ কৰিও হাৰাশাস্তি কৰিবলৈ যেন উঠি–পৰি লাগিছে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷
ভেনিজুৱেলাৰ ৰাষ্ট্রপতি মাডুৰোৰ বিৰুদ্ধে ড্রাগ্ছৰ বেহা চলোৱাৰ অভিযোগ তুলি এখন সার্বভৌম ৰাষ্ট্রৰ ভিতৰলৈ গৈ মইমতালিৰে অভিযান চলাই ৰাষ্ট্রপতিগৰাকীক বন্দী কৰি অনা, ইৰানৰ অভ্যন্তৰীণ অশান্তিৰ বিষয়টোত খবৰদাৰী চলোৱা আদি ক্ষেত্রত মার্কিন ৰাষ্ট্রপতি ড্রাম্পে ছায়া যুদ্ধ এখনকে চলাই আছে৷
তেনেদৰে ৰুছ–ইউক্রেইন যুদ্ধৰ গইনা লৈ ভাৰতৰ ওপৰত শুল্কৰ বোজা জাপি দিছে ৰাষ্ট্রপতিগৰাকীয়ে৷ তেওঁৰ ভাষ্য মতে, ভাৰতে ৰাছিয়াৰ পৰা সস্তা দামৰ তেল ক্রয় কৰি এই যুদ্ধখনত সহায় কৰি আহিছে৷ তেওঁৰ মতে, ভাৰতৰ পৰা পোৱা ধনেৰে ৰাছিয়াই যুদ্ধ চলাই যাব পাৰিছে৷ এখন দেশে কাৰ লগত বাণিজ্যিক সম্পর্ক গঢ়িব, সেয়া দেশখনৰ নিজা কথা৷
অথচ ভেনিজুৱেলাত নিজৰ আধিপত্য বিস্তাৰ কৰাৰ পিছত ভেনিজুৱেলাৰ তেল তেওঁ ভাৰতত বিক্রী কৰিবলৈ ওলাইছে৷ ইয়াত যে কেৱল বাণিজ্যিক স্বার্থহে নিহিত হৈ আছে, সেয়া জল্জল্–পট্পট্ কথা৷ ইফালে, ভাৰতে ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনির্ভৰ ভাৰত’ নীতিত গুৰুত্ব আৰোপ কৰাৰ লগতে শেহতীয়াকৈ ইউৰোপিয়ান ইউনিয়নৰ সৈতে এখন বৃহৎ বাণিজ্য চুক্তি সম্পাদন কৰি ট্ৰাম্পৰ মইমতালিৰ প্রত্যুত্তৰ দিছে৷ ইউৰোপিয়ান ইউনিয়নৰ অন্তর্গত ২৭খন ৰাষ্ট্রৰ সৈতে ভাৰতৰ বাণিজ্যৰ দুৱাৰ মুকলি হ’ল৷
অকল ভৰততেই নহয়, ব্রিক্ছ দেশসমূহৰ ওপৰতো ড্রাম্পে শুল্কৰ বোজা জাপি দিয়াত এতিয়া ব্রিক্ৰ দেশসমূহ আৰু অধিক ওচৰ চাপি অহাৰ সুযোগ পাইছে৷ নিজৰ মাজত বাণিজ্যিক লেনদেন নিজৰ নিজৰ মুদ্রাত কৰিবলৈ লৈ মার্কিন ডলাৰৰ গুৰুত্ব হ্রাস কৰিছে৷
ইয়াক লৈ হয়তো মার্কিন ৰাষ্ট্রপতিগৰাকীৰ মূৰৰ কামোৰণি হৈছে৷ বিভিন্ন দেশৰ ওপৰত হকে–বিহকে শুল্ক আৰোপৰ অশুভ প্রৱণতাৰ ফল ভুগিবলৈ ওলাইছে মার্কিন যুক্তৰাষ্ট্রই৷ এতিয়া বিভিন্ন দেশৰ মাজত মার্কিন যুক্তৰাষ্টক এঘৰীয়া কৰি বাণিজ্যিক সম্পর্ক গঢ়ি তোলাৰ প্রয়াস আৰম্ভ হৈছে৷ ঋণত পোত খাই থকা আমেৰিকাৰ বাবে এতিয়া মার্কিন ডলাৰ গুৰুত্বহীন হ’বলৈ ওলোৱাটো চিন্তাৰ কাৰণ হৈ পৰিছে৷ এই বাণিজ্য যুদ্ধই কি পর্যায় পায়গৈ সময়তহে জানিব পৰা যাব৷