নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰৰ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীলৈ বি এছ এফৰ গুলী

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত পুনৰ উত্তেজনা। জিলাখনৰ চৰকুকুৰমাৰা সীমান্তত নিশা সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) গুলীত এজন চোৰাং গৰু সৰবৰাহকাৰী গুৰুতৰভাৱে আহত হয়। আহত লোকজন শাহেৰ আলী বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, আজি পুৱতি নিশা চোৰাং সৰবৰাহকাৰীৰ এটা দলে কুকুৰমাৰা সীমান্তৰে অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল। সেই সময়ত কৰ্তব্যৰত বি এছ এফৰ জোৱানে তেওঁলোকক প্ৰত্যক্ষ কৰি বাধা প্ৰদান কৰে। কিন্তু সৰবৰাহকাৰীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ বাধা নেওচি আগবাঢ়িবলৈ চেষ্টা কৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বি এছ এফৰ জোৱানে গুলীচালনা কৰিবলৈ বাধ্য হয়। বি এছ এফৰ গুলীত আহত হয় শাহেৰ আলী।

আহত আলীক তাৎক্ষণিকভাৱে উদ্ধাৰ কৰি হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বি এছ এফে ঘটনাস্থলীৰ পৰা দুটা চোৰাং গৰু আৰু কেতবোৰ আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।

নিয়মীয়া বাৰ্তা, মানকাচৰ, ২ ফেব্ৰুৱাৰী :

You might also like