অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সাজপাৰ আৰু বস্ত্ৰ বিজ্ঞান বিভাগৰ উদ্যোগত আজিৰে পৰা “জীৱিকা স্থিতিস্থাপকতাৰ বাবে বস্ত্ৰশিল্পত বহনক্ষম উদ্ভাৱন আৰু ভৱিষ্যতৰ প্ৰস্তুত দক্ষতাৰ ওপৰত ভাৰতৰ যুৱক-যুৱতীসকলৰ সবলীকৰণ” শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হৈছে।
বিশ্ববিদ্যালয়ৰ ডি বি টি নিকেবৰ সভাগৃহত আয়োজিত সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে সাজপাৰ আৰু বস্ত্ৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ নৱনীতা গগৈয়ে ।উদ্বোধনী অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই ভাষণত শৈক্ষিক উৎকৰ্ষতা, উদ্ভাৱন আৰু সহযোগিতামূলক শিক্ষণৰ পোষকতাত অনুষ্ঠানটোৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ পৰম্পৰাগত আৰু অপৰম্পৰাগত ফাইবাৰৰ জৰিয়তে নতুন নতুন উদ্ভাৱনৰ জৰিয়তে উদ্যোগ গঢ়ি তোলাৰ সম্ভাৱনাৰ বিষয়ে ব্যক্ত কৰে।
মুখ্য অতিথিৰূপে গুৱাহাটীস্থ নেডফিৰ চিএমডি পিভিএছএলএন মূৰ্তিয়ে উদ্ভাৱন আৰু বাণিজ্যিক সম্ভাৱনাৰ তুলনামূলক বিশ্লেষণৰ জৰিয়তে ভাষণ প্ৰদান কৰে। সাজপাৰ আৰু বস্ত্ৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা তথা আয়োজক সমিতিৰ সাংগঠনিক সম্পাদিকা ড০ স্মিতা ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত উদ্বোধনী ভাষণ প্ৰদান কৰে এভিগডৰ ১৮৩৩ এছ আৰ এলৰ চিইঅ’ ভি আৰ শ্ৰীনিবাসনে ।
উদ্বোধনী অনুষ্ঠানটোত শলাগ জ্ঞাপন কৰে অসম কৃষি বিশ্ববিদ্যালয়স্থ নীট ই হাবৰ চি অ’ অ’ বিদ্যুৎ বিকাশ ৰাজকোঁৱৰে । বিভিন্ন উদ্যোগ, ভাৰতীয় কাৰিকৰী বস্ত্ৰশিল্পৰ বিশেষজ্ঞ উপস্থিত থকা কনক্লেভ উপলক্ষে আয়োজিত প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে নেডফিৰ চিএমডি পিভিএছএলএন মূৰ্তিয়ে।
উল্লেখ্য যে ৰাষ্ট্ৰীয় সন্মিলনৰ দ্বিতীয় দিনা পোষ্টাৰ উপস্থাপন আৰু উদ্ভাৱন ধাৰণাৰ অধিৱেশন অনুষ্ঠিত হ’ব। ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু যুৱ উদ্ভাৱকসকলৰ বাবে বহনক্ষমতা, উদ্যোগীকৰণ আৰু ভৱিষ্যতৰ সৈতে জড়িত উদ্ভাৱনীমূলক ধাৰণা আৰু গৱেষণাৰ ফলাফল প্ৰদৰ্শন কৰিবলৈ এই সন্মিলনত বিশেষভাৱে আলোচনা কৰা হ’ব।
বিশেষ বাৰ্তা, যোৰহাট, ১২ ফেব্ৰুৱাৰী :