নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছী ৰাজনীতিত ছুনামি, নিমাওমাও লখিমপুৰ জিলা কংগ্রেছৰ কাৰ্যালয়

এক ৰাজনৈতিক ধুমুহা। প্ৰদেশ কংগ্রেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন বৰাই এৰিলে কংগ্রেছ দল। অসন্তুষ্টি প্ৰকাশেৰে মল্লিকাৰ্জুন খাৰ্গে  আৰু ৰাহুল গান্ধীলৈ লিখিলে পদত্যাগ পত্র। আজি কংগ্রেছ দলত ধুমুহা সৃষ্টি কৰা এই খবৰটো প্ৰকাশৰ পাছতে আকৌ ওলাল আন এক খবৰ। লখিমপুৰ জিলা যুৱ কংগ্রেছৰ সভাপতি মৌচম লাহনেও কৰিলে পদত্যাগ। প্ৰদেশ কংগ্রেছৰ সভাপতিক তেওঁ দাখিল কৰে পদত্যাগ পত্র।

উল্লেখ্য সমাগত নিৰ্বাচনত তেও লখিমপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ইতিমধ্যে আবেদন দাখিল কৰিছে৷ ভূপেন বৰাৰ লগতে তেওঁৰ দলত্যাগৰ খবৰত ধুমুহাৰ সৃষ্টি হয় দুয়োৰে গৃহ জিলা লখিমপুৰত। ব্যাপক চৰ্চা চলে সমগ্র দিন।

তাৰ মাজতে আৰু পাঁচজনে কংগ্রেছ ত্যাগ কৰা বুলি খবৰ ওলায় যদিও জানিব পৰা মতে তেওঁলোকে এই পৰ্যন্ত পদত্যাগ পত্র দাখিল কৰা নাই। কাইলৈ হয়তো আৰু পাঁচজন কংগ্রেছৰ বিভিন্ন বিষয়ববীয়াই দল এৰিব পাৰে। নাম প্ৰকাশত অনিচ্ছুক দলীয় সূত্রই এই কথা জানিবলৈ দিয়ে। আজি ভূপেন বৰাৰ পাছতে মৌচম লাহনে দলত্যাগ কৰাৰ খবৰ প্ৰকাশৰ পাছতে একপ্ৰকাৰ নিমাওমাও হৈ পৰে জিলা কংগ্রেছৰ কাৰ্য্যালয়।

উল্লেখ্য গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছত বহু দিন ধৰি নিস্তেজ প্ৰায় হৈ থকা দলৰ জিলা কাৰ্যালয়টোলৈ কিছু পৰিমাণে সজীবতা ঘুৰি আহিছিল। দলীয় কৰ্মীৰ আহযাহ চলিছিল কাৰ্য্যালয়টোলৈ। পিছে আজি ভূপেন বৰা, মৌচম লাহন আদিৰ দলত্যাগৰ খবৰ প্ৰকাশ পোৱাৰ পাছতে সমগ্র দিন ধৰি নিমাওমাও হৈ পৰে কাৰ্য্যালয়টো।

উল্লেখ্য যিসময়ত শাসক বিৰোধী সকলো দল নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাত ব্যস্ত, প্ৰতিপক্ষক কেনেকৈ ধৰাশায়ী কৰিব তাৰ কৌশল যুগুতোৱাত ব্যস্ত, সেই সময়ত শক্তিশালী কংগ্রেছৰ নেতা ভূপেন বৰা, মৌচম লাহনে কংগ্রেছ ত্যাগ কৰা ঘটনাই দলটোক চৰম শলঠেকত পেলালে। বিমৰ্ষ হৈ পৰিছে দলীয় কৰ্মীসকল।

উল্লেখ্য লখিমপুৰৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক আছিল ভূপেন বৰা। তদুপৰি ২০২১ চনৰ ২৪ জুলাইত তেওঁ প্ৰদেশ কংগ্রেছৰ সভাপতি ৰূপে নিযুক্তি লাভ কৰিছিল। ৰাজ্যত দলটোক তেওঁ শক্তিশালীভাৱে নেতৃত্ব দিছিল। স্বভাবসিদ্ধ বাকপটুতাৰে বিৰোধীৰ প্ৰতি সততে সৰৱ হৈ আছিল ভূপেন বৰা। আন নেতাৰ দৰে তেওঁৰ বিৰুদ্ধে নাছিল বিশেষ একো কেলেংকাৰিৰ অভিযোগ। তেনেদৰে মৌচম লাহনো আছিল যুৱ প্ৰজন্মৰ এজন শক্তিশালী নেতা।

বিশেষ বাৰ্তা, লখিমপুৰ, ১৬ ফেব্ৰুৱাৰী

You might also like