নগৰবেৰাৰ বিলাহপাৰা গাঁৱত বিলুপ্তপ্ৰায় প্ৰজাতিৰ এটা হাড়গিলা নৰিয়া অৱস্থাত উদ্ধাৰ হোৱাত সকলোৰে মাজত কৌতূহল বিয়পে | স্থানীয় যুৱকসকলে অসুস্থ চৰাইটো দেখি ততালিকে বন বিভাগক খবৰ দিয়ে | সেইমৰ্মে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু অসুস্থ চৰাইটোৰ চিকিৎসাৰ বাবে পশু চিকিৎসকৰে যোগাযোগ কৰে | চৰাইটোৰ ঠোঁটৰ লগতে দেহৰ সন্মুখ ভাগত জাক জাক মাখিয়ে আগুৰি থকা দেখি সকলোৱে মুখ গহ্বৰত আঘাত লগাৰ অনুমান কৰিছে |
উল্লেখ্য যে হাড়গিলা বিশ্বৰ অতি দুৰ্লভ চৰাইসমূহৰ ভিতৰত অন্যতম আৰু অসমৰ কেতবোৰ স্থানতহে ইয়াৰ বাসস্থান দেখা পোৱা যায় যদিও ৰহস্যজনকভাৱে ক্ৰমান্বয়ে চৰাইবিধৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে | অসুস্থ হাড়গিলাটোৰ যথাযথ চিকিৎসা আৰু শুশ্ৰূষাৰ দিহা কৰি সুস্থ কৰি তোলাৰ বাবে বন বিভাগ তথা সংশ্লিষ্ট পশু চিকিৎসালয় কৰ্তৃপক্ষলৈ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী সচেতন ৰাইজে |
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৭ ফেব্ৰুৱাৰী :