নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলা বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচন সভা সম্পন্ন, পীযূষ-ৰমাকান্তক সমৰ্থন দলীয় কৰ্মীৰ

আসন্ন নিৰ্বাচনত জাগীৰোড সমষ্টিৰ অবিসম্বাদী নেতা বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী পীযূষ হাজৰিকা সৰ্বসন্মত প্ৰাৰ্থী হিচাপে প্ৰস্তাৱিত হৈছে। আনহাতেদি মৰিগাঁও সমষ্টিত বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৬৮জন কাৰ্যকতাৰ ভিতৰত ৬৫জনৰ গজগজীয়া সমৰ্থন লাভ কৰিছে।

প্ৰাপ্ত খবৰ মতে জাগী ভকতগাওঁ বিজেপিৰ মণ্ডল কাৰ্যালয়ত আজি অনুষ্ঠিত সাংগঠনিক সভাখনত সভাপতিত্ব কৰে জিলা সভাপতি ৰামপ্ৰসাদ সৰকাৰে। জিলা সম্পাদক নিৰ্মল কোঁৱৰ আৰু জিতুমনি পাঠকে আঁত ধৰি পৰিচালনা কৰা সভা খনত মণ্ডল সমূহৰ বিষয় ববীয়া সমূহে যোগদান কৰে।

সভাত পৰ্যবেক্ষক ৰুপে উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ডঃ নৰেন্দ্ৰ সিং, মৰিগাঁও জিলাৰ বিজেপি প্ৰভাৰী প্ৰণৱজ্যোতি লহকৰ, সহ প্ৰভাৰী নন্দন তালুকদাৰ, ৰাজ্যিক সদস্য অনুপ দে প্ৰমূখ্যে নেতৃবৃন্দ।

মৰিগাঁও সমষ্টিৰ বাবে সমাগত নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ সভাত যোগদান কৰে মৰিগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যসকল, আমন্ত্ৰিত কাৰ্যনিৰ্বাহক সদস্যসকল, ৰাজ্যিক পৰিষদৰ সদস্যসকল, জিলাৰ মৰ্চাসমূহৰ ৮জন সভাপতি, জিলা পৰিষদৰ সভাপতি, উপ সভাপতি, মৰিগাঁৱৰ পৌৰপতি, বিজেপিৰ দখলত থকা আঞ্চলিক পঞ্চায়ত সমূহৰ সভাপতি সকল, সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ আহ্বায়কদ্বয়।

মৰিগাঁও সমষ্টিত প্ৰাৰ্থী নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় আৰু প্ৰদেশ পৰ্যবেক্ষকসকলৰ সন্মুখত গোপন ভোটৰ জৰিয়তে সমৰ্থন নিৰ্ধাৰণ কৰা হয়। উপস্থিত ৬৮জন কাৰ্যকতাই ভোটদানত অংশ লয় আৰু ৬৫জনে ৰমাকান্ত দেউৰীৰ সপক্ষে ভোটদান কৰে। জিলা বিজেপিয়ে গ্ৰহণ কৰা প্ৰস্তাৱ দুটা প্ৰদেশ বিজেপিলৈ প্ৰেৰণৰ সিদ্ধান্ত গৃহীত হয়।

নিয়মীয়া বাৰ্তা, মৰিগাঁও, ১৮ ফেব্ৰুৱাৰী

You might also like