নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উজলিল শিৱসাগৰৰ নম্ৰতা গগৈ

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত অসম অসামৰিক সেৱা বিভাগত ২৮সংখ্যক স্থান দখলেৰে শিৱসাগৰ জিলাৰ বৃহত্তৰ শ’লগুৰি মৌজালৈ গৌৰৱ কঢ়িয়াই আনিলে শ’লগুৰি নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী বীৰেশ্বৰ গগৈৰ নাতি তথা অৱসৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়া বুবুল গগৈৰ দুহিতা নম্ৰতা গগৈয়ে।

গুৱাহাটীৰ ছেইণ্ট মেৰীজ বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক, কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰা নম্ৰতা গগৈয়ে ইতিমধ্যে অসম লোকসেৱা আয়োগৰ বিগত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ বৰপেটাৰোডত সহকাৰী পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। শিৱসাগৰ জিলাৰ অন্যতম শৈক্ষিক এলেকা হিচাপে পৰিচিত শ’লগুৰিলৈ এনে গৌৰৱ কঢ়িয়াই অনাৰ বাবে অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে মেধাৱী নম্ৰতা গগৈলৈ অভিনন্দন জ্ঞাপন কৰিছে।

নিয়মীয়া বাৰ্তা, কালুগাঁও, ১৯ ফেব্ৰুৱাৰী :

You might also like