নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ গৌৰীপুৰত দুই ট্ৰাকৰ মুখামুখি সংঘৰ্ষত হতাহত তিনি

যোৱানিশা ধুবুৰী জিলাৰ গৌৰীপুৰৰ বলদমাৰাত সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত এজন ট্ৰাকচালকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজন চালক  গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয়।

জানিব পৰা মতে, বলদমাৰাৰ সমীপৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এএছ-১৫বিচি-১৩৭৮ আৰু ডব্লিউবি-৩১জে-০১৫৭ নম্বৰৰ দুখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত শোকাৱহ সেই পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটো ইমান ভয়াৱহ আছিল যে আৰক্ষীয়ে ক্ৰেন এখনেৰে প্ৰায় ২ ঘণ্টা ধৰি চলোৱা চেষ্টাৰ পিছত মৃত চালকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে, গুৰুতৰভাৱে আহত আন দুজন চালকক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত  ভৰ্তি কৰোৱা হয়। নিহত আৰু আহত দুগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৯ ফেব্ৰুৱাৰী :

You might also like