নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰী মোদীয়ে ইছলাম ধৰ্মাৱলম্বী লোকলৈ জনালে ৰমজানৰ শুভেচ্ছা

ডিজিটেল ডেস্ক, ২০ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰমজান উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ জনালে শুভেচ্ছা । বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰমজান উপলক্ষে ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰে ।

তেওঁ কয়- এই পৱিত্ৰ মাহটোৱে সমাজত ঐক্যৰ মনোভাব আৰু অধিক শক্তিশালী কৰিব। আজিৰ পৰা মুছলমানসকলৰ পৱিত্ৰ ৰমজান মাহ আৰম্ভ হৈছে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়- “ৰমজান মোবাৰক। এই পৱিত্ৰ মাহে আমাৰ সমাজত ঐক্যৰ মনোভাব আৰু অধিক শক্তিশালী কৰক । সকলোতে শান্তি আৰু সমৃদ্ধি ভৰি পৰক ।”

প্ৰধানমন্ত্ৰী মোদীয়ে ৰমজান উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি পৱিত্ৰ মাহ আৰম্ভ হোৱাৰ লগে লগে সমাজত শান্তি, সমৃদ্ধি আৰু ঐক্যৰ কামনা কৰে ।

উল্লেখ্য যে বুধবাৰে সন্ধিয়া দেশৰ বহু ঠাইত চন্দ্ৰ দেখা পোৱাৰ পাছত ভাৰতত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় ৰমজান । চন্দ্ৰ দেখা পোৱাৰ পিছত আগন্তুক ৩০ দিনলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰোজা পালন কৰিব ।

You might also like