চাইবাৰ অপৰাধৰ অন্যতম কেন্দ্ৰভূমি হিচাপে পৰিচিত হৈ পৰা বৰপেটাত এইবাৰ পোহৰলৈ আহিছে আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী চক্ৰৰ সৈতে বিদেশী সংযোগৰ চাঞ্চল্যকৰ তথ্য। বৰপেটাৰ চাইবাৰ অপৰাধীৰ সৈতে চীন আৰু ওমানৰ সংযোগ থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতে সমগ্ৰ ঘটনাই নতুন ৰূপ লৈছে।
উল্লেখ্য যে, অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ বেংক একাউণ্ট ব্যৱহাৰ কৰি অনলাইন পদ্ধতিৰে কোটি কোটি টকা সৰবৰাহ কৰা এটা বৃহৎ চাইবাৰ অপৰাধী চক্ৰৰ বিৰুদ্ধে অভিযান চলাই বৰপেটা আৰক্ষীয়ে গুৱাহাটীৰ পৰা চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
বৰ্তমান বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলা এই অভিযানত আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধৰ এক গুৰুত্বপূৰ্ণ নেটৱৰ্ক পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈছে।
উল্লেখ্য যে, বিগত কেইবামাহ ধৰি বৰপেটা জিলাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই আহিছে। এই অভিযানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ লগতে উদ্ধাৰ হৈছে শতাধিক ভুৱা পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক একাউণ্ট, ডেবিট কাৰ্ড আৰু নগদ ধন।
এই ধাৰাবাহিক অভিযানৰ অংশ হিচাপে যোৱা ১৮ জুলাইত তাৰাবাৰী আৰক্ষীয়ে ৰৌমাৰী গাঁৱৰ পৰা তাহেৰ আলী নামৰ এজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। অভিযুক্তজনৰ ঘৰৰ পৰা আৰক্ষীয়ে ৮টা মোবাইল ফোন, ৯খন ডেবিট কাৰ্ড, ৩খন বেংকৰ পাছবুক আৰু নগদ ৮২ হাজাৰ টকা উদ্ধাৰ কৰে।
তাহেৰ আলীৰ জেৰাত লাভ কৰা তথ্যৰ ভিত্তিত তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গুৱাহাটীত অভিযান চলায়। অভিযানত ক্ষেত্ৰীৰ এখন হোটেল আৰু ফটাশিল-আমবাৰীৰ এটা ফ্লেটৰ পৰা আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধৰ সৈতে জড়িত বুলি সন্দেহ কৰা চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।
গ্ৰেপ্তাৰ হোৱা অভিযুক্তকেইজন হৈছে—দুলীয়াজানৰ আৰিফুল কবিৰ, কামৰূপ জিলাৰ বকোৰ ২নং দক্ষিণ ৰঙাপানী গাঁৱৰ পৰান আলী, গুৱাহাটীৰ সিজুবাৰীৰ আমিৰুল ইছলাম আৰু তাৰাবাৰী থানাৰ অন্তৰ্গত বালিধাৰী চৰৰ মইনুদ্দিন আলী।
অভিযুক্তসকলৰ জিম্মাৰ পৰা ১৬খন এটিএম কাৰ্ড আৰু ১৮টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। ইয়াৰ উপৰি ডব্লিউ বি ০২ এ কিউ ১০৫১ নম্বৰৰ এখন অ’ডি গাড়ী আৰু এ এছ ০১ জি কে নম্বৰৰ এখন হুণ্ডাই ভেনু গাড়ীও জব্দ কৰা হৈছে।
আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে, এই চক্ৰৰ অন্যতম অভিযুক্ত আৰিফুল কবিৰে প্ৰায় দহ বছৰ ধৰি মধ্যপ্ৰাচ্যৰ ওমানত ‘টি কেফে’ নামৰ এখন ব্যৱসায় চলাই অহা বুলি দাবী কৰিছে। অসমত উৎপাদিত নেমু আৰু চাহপাত ওমানলৈ ৰপ্তানি কৰাৰ কথাও আৰক্ষীক জনাইছে অভিযুক্ত আৰিফুল।
অৱশ্যে এই ব্যৱসায়ৰ আঁৰত চাইবাৰ অপৰাধৰ সৈতে কোনো সম্পৰ্ক আছিল নেকি, সেই বিষয়েও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ জেৰাত আৰিফুলে প্ৰকাশ কৰা মতে, ওমানত থকা সময়ছোৱাতেই চীনৰ চাইবাৰ অপৰাধীৰ সৈতে তেওঁৰ সংযোগ স্থাপন হৈছিল।
চীনা চাইবাৰ অপৰাধীৰ সহযোগত চাইনিজ এপ ব্যৱহাৰ কৰি চীনৰ বিভিন্ন লোকৰ বেংক একাউণ্টৰ ধন অনলাইন লেনদেনৰ জৰিয়তে ভাৰতীয় টকালৈ ৰূপান্তৰ কৰি অসমৰ বিভিন্ন লোকৰ বেংক একাউণ্টলৈ সৰবৰাহ কৰা হৈছিল বুলি আৰক্ষীৰ তদন্তত সন্দেহ কৰা হৈছে।
আৰক্ষীৰ মতে, প্ৰায় দুবছৰ পূৰ্বে চাইবাৰ অপৰাধৰ সৈতে জড়িত হোৱা আৰিফুলক এই কামত সহযোগ কৰিছিল ধৃত পৰান আলী, আমিৰুল ইছলাম, মইনুদ্দিন আলী আৰু তাহেৰ আলীয়ে। গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলৰ মোবাইল ফোনত বহুকেইটা চাইনিজ এপ ব্যৱহাৰৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
ইতিমধ্যে অভিযুক্তসকলৰ স্বীকাৰোক্তি, জব্দ কৰা মোবাইল ফোন আৰু অন্যান্য তথ্যৰ ভিত্তিত তদন্ত আগবঢ়াই নিছে বৰপেটা আৰক্ষীয়ে। এই আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধী চক্ৰৰ সৈতে আৰু কোন কোন ব্যক্তি জড়িত, অসমৰ কিমানটা বেংক একাউণ্ট ব্যৱহাৰ কৰা হৈছিল আৰু বিদেশৰ পৰা কিমান পৰিমাণৰ ধন এই চক্ৰটোৱে সৰবৰাহ কৰিছিল—সেই সকলো দিশ তদন্তৰ আওতালৈ আনিছে আৰক্ষীয়ে।
এই সন্দৰ্ভত তাৰাবাৰী আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৩১৮(৪)/৩৩৬(৩)/৬১(২) ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬চি আৰু ৬৬ডি ধাৰাৰ অধীনত ৪৭/২৬ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলক বৰপেটা আদালতত হাজিৰ কৰোৱাৰ পাছত আৰক্ষীৰ আবেদনৰ ভিত্তিত আদালতে আটাইকেইজনকে পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
বৰপেটাৰ পৰা আৰম্ভ হোৱা চাইবাৰ অপৰাধৰ জাল যে কেৱল অসমৰ ভিতৰতে সীমাবদ্ধ নহয়, এই গ্ৰেপ্তাৰৰ ঘটনাই সেই কথাই পুনৰ স্পষ্ট কৰি তুলিছে।
বাৰ্তা ব্যুৰো, বৰপেটা ২১ জুলাই