নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজহ সংগ্ৰহত অভিলেখ কামৰূপ জিলা পৰিবহনৰ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ৰাজ্য় চৰকাৰৰ পৰিবহন বিভাগৰ কামৰূপ জিলা পৰিবহন বিষয়া কাৰ্যালয়ে ৩১ মাৰ্চত সামৰণি পৰা ২০১৯-২০ বিত্তীয় বৰ্ষত অভিলেখ পৰিমাণৰ ৪১.০২ কোটি টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল ৩১,৬২,৩৯,৮৩৮টকা কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে এইবেলি জিলাখনত যি ৪১কোটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ হৈছে সেৱা কাৰ্যালয়টো ৰাহজ সংগ্ৰহৰ ইতিহাসত অধিক। জিলাপৰিবহন বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে ফেব্ৰুৱাৰী মাহত সংবাদমাধ্যমৰ জৰিয়তে জিলাখনত পঞ্জীয়নভুক্ত যান-বাহনৰ গৰাকীসকলক ৩১ মাৰ্চৰ ভিতৰত পথকৰ পৰিশোধ কৰিবলৈ আহ্বান জনোৱা হৈছিল কিন্তু ২৪ মাৰ্চৰ পৰা লক ডাউন হোৱাত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও অনলাইনযোগে কৰসমূহ আদায় দিয়ে।

You might also like