তিনিচুকীয়া জিলাৰ ডাঙৰী সামূহিক স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ তামুলী উপ-স্বাস্থ্যকেন্দ্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা সত্ত্বেও উদ্বোধন নোহোৱাত হাবি-জংঘলে আৱৰি ধৰিছে। ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান মিছনৰ অধীনত নিৰ্মাণ কৰা তামুলী উপ-স্বাস্থ্যকেন্দ্ৰটো আজিলৈকে উদ্বোধন নহ’ল।
নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ প্ৰায় দুবছৰ হ’ল যদিও আজিলৈকে উপ-স্বাস্থ্যকেন্দ্ৰটো ৰহস্যজনকভাৱে উদ্বোধন নহ’ল। তামুলী গাঁৱকে ধৰি পাৰ্শ্বৱৰ্তী কেইবাখনো গাঁৱৰ সুবিধালৈ চাই স্বাস্থ্যকেন্দ্ৰটো নিৰ্মাণ হৈছিল যদিও আজিলৈকে উদ্বোধন নহ’ল । নিৰ্মাণ সম্পূৰ্ণ হোৱা সত্ত্বেও বছৰ বছৰ ধৰি পেলাই থোৱাত উপ-স্বাস্থ্যকেন্দ্ৰটো হাবি-জংঘলে আৱৰি ধৰিছে। কেন্দ্ৰটো শীঘ্ৰে উদ্বোধন কৰিবলৈ স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগক দাবী জনাইছে ।