নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–জিম্বাব’ৱেৰ মাজতে হ’ব বিশ্বকাপৰ ফাইনেল! প্ৰাক্তন তাৰকাই কৰিলে ভৱিষ্যদ্বাণী

টি–২০ বিশ্বকাপৰ ফাইনেল মেচ ভাৰত আৰু জিম্বাব’ৱেৰ মাজত অনুষ্ঠিত হ’ব পাৰে বুলি পূর্বানুমান কৰিছে ভাৰতীয় দলৰ প্রাক্তন মুখ্য প্রশিক্ষক ৰাহুল দ্রাবিড়ে৷

প্রাক্তন ক্রিকেটাৰগৰাকীয়ে এক সাক্ষাৎকাৰত কয় যে টীম ইণ্ডিয়াই ফাইনেলত প্রৱেশ কৰিব৷ দলটোৰ শেহতীয়া প্রদর্শনত সন্তুষ্ট দ্রাবিড়ে অৱশ্যে ভাৰতৰ বিৰুদ্ধে বাছনি কৰা দলটো কিছু আশ্চর্যজনক৷

কিয়নো প্রাক্তন বিশ্বচেম্পিয়ন অষ্ট্রেলিয়া আৰু শ্রীলংকাক পৰাস্ত কৰি এইবাৰৰ বিশ্বকাপত চমক সৃষ্টি কৰা জিম্বাব’ৱেৰ ৰাহুল দ্রাবিড়ে ফাইনেল খেলাটো বিচাৰিছে৷ তেওঁ অৱশ্যে যিকোনো দলে ফাইনেল খেলিলেও জিম্বাব’ৱে যদি এই পর্যায়ত উপনীত হয় অতি আনন্দিত হ’ব বুলি সদৰি কৰে৷

ডিজিটেল ডেস্ক, ২৩ ফেব্রুৱাৰী

You might also like