নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজবাট সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবী স্থানীয় কৰ্মীৰ

ওদালগুৰি জিলাৰ ৪৭নং মাজবাট বিধানসভা সমষ্টিত এইবেলি নিজা প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী উত্থাপন কৰিছে বিজেপি কৰ্মীসকলে। এনডিএ মিত্ৰজোঁটৰ অংশ হিচাপে থকা ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ)ৰ মাজত আসন বুজাপৰাৰ বিষয়টোত অনিশ্চয়তা সৃষ্টি হোৱা বুলি স্থানীয় কৰ্মীসকলে মত প্ৰকাশ কৰিছে।

স্থানীয় কৰ্মীসকলৰ অভিযোগ, বিগত সময়তো পৰিষদীয় নিৰ্বাচনত বৰ্তমানৰ বিপিএফ বিধায়ক চৰণ বড়োৱে ৰৌতা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে মাজবাটত প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল বুলি চৰ্চা চলিছিল। সেই অভিজ্ঞতাৰ পোহৰত এইবেলিও যদি দলে মাজবাটত প্ৰাৰ্থী নিদিয়ে, তেন্তে কৰ্মীসকল আশাহত হ’ব পাৰে বুলি তেওঁলোকে সকীয়াই দিয়ে।

শেহতীয়াকৈ ৰৌতাত অনুষ্ঠিত এখন ৰাজহুৱা সভাত স্থানীয় বিধায়ক তথা মন্ত্ৰী চৰণ বড়োৱে মাজবাটত বিজেপিয়ে প্ৰাৰ্থী নিদিয়ে বুলি মন্তব্য কৰাত অনিশ্চয়তা আৰু বৃদ্ধি পায় বুলি কৰ্মীসকলে দাবী কৰিছে। তেওঁলোকৰ মতে, এনে পৰিস্থিতিত দলীয় কৰ্মীৰ মনোবল হ্ৰাস পোৱাৰ সম্ভাৱনা আছে আৰু সংগঠনৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে।

ইয়াৰ মাজতে সমষ্টিটোৰ সাংসদ তথা ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰীক মাজবাট সমষ্টিৰ ক্ষেত্ৰত ইতিবাচক সিদ্ধান্ত গ্ৰহণৰ আহ্বান জনাইছে দলীয় কৰ্মীসকলে। জানিব পৰা মতে, ২২ ফেব্ৰুৱাৰীত এই দাবী স্পষ্টভাৱে উত্থাপন কৰা হয়।

কৰ্মীসকলৰ স্পষ্ট মত, মাজবাট সমষ্টিত বিজেপিৰ সংগঠনিক ভিত্তি যথেষ্ট শক্তিশালী। সেয়ে এইবেলি দলে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে দল অধিক শক্তিশালী ৰূপে আগবাঢ়িব বুলি তেওঁলোকে আশাবাদ ব্যক্ত কৰিছে।

জানিব পৰা মতে, ৪৭নং মাজবাট বিধানসভা সমষ্টিত এইবাৰ বহুকেইজন কৰ্মী আৰু নেতাই  টিকট সম্ভাৱ্য প্ৰত্যাশী হৈ আছে ৷ সেইসকলৰ ভিতৰত আছে যুৱ নেতা কিশোৰ শৰ্মা, জিতু কিষান, প্ৰাক্তন এমচিএলএ দিপক মৌৰ, জীৱন ডেকা, লাধো লোহাৰ, কাস্মতি গোড়, চাৰ্জু চাউৰা, জয়ন্ত দাস, শান্তিয়াছ কুজুৰ, প্ৰাক্তন ইএম সঞ্জীত তাঁতী আদিকে ধৰি ২০গৰাকী।

নিয়মীয়া বাৰ্তা, ৰৌতা, ২৩ ফেব্ৰুৱাৰী

You might also like