নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ আফ্রিকাৰে পৰাজয়ৰ পিছত প্রশিক্ষকৰ সৈতে সূর্যকুমাৰৰ মতানৈক্য

নিউজ ডেস্ক, ২৪ ফেব্রুৱাৰী : এটা পৰাজয়ৰ পিছতে চলিত টি–২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ শংকাত ভুগিছে টীম ইণ্ডিয়া৷ গুৰুত্বপূর্ণ মেচখনত পৰাজয়ৰ পিছত দলৰ ভিতৰতো অস্থিৰ অৱস্থা৷ দক্ষিণ আফ্রিকাৰ হাতত পৰাজয়ৰ পিছত যি ছবিৰ সৃষ্টি হৈছে, সেই ছবিখনে চিন্তিত কৰি তুলিছে দেশখনৰ ক্রিকেট অনুৰাগীসকলক৷

খেলৰ অন্তত অধিনায়ক সূর্যকুমাৰ যাদৱক প্রশিক্ষক, সহঃপ্রশিক্ষকৰ সৈতে ‘গম্ভীৰ’ বার্তালাপ কৰা দেখা গ’ল৷ ইপিনে, পুনৰ যশপ্রীত বুমৰাহ আৰু অক্ষৰ পেটেলক পৃথকে পৃথকে বিমানবন্দৰলৈ যোৱা দেখা গ’ল৷ আহমেদাবাদত দক্ষিণ আফ্রিকাৰ ১৮৮ ৰানৰ পিছ লৈ ভাৰতৰ ইনিংছ মাত্র ১১১ ৰানত সমাপ্ত হয়৷ তাৰকাৰে ভৰা দলটোৰ বাবে এয়া লজ্জাজনক৷ ছেমিফাইনেলৰ পথ ভাৰতৰ বাবে এতিয়া কঠিন হৈ পৰিছে ৷ লগতে বহুতো জটিল সংখ্যাও থাকিব ৷

মেচখনৰ অন্তত অধিনায়ক সূর্যকুমাৰে ডাগআউটত প্রশিক্ষক, সহঃ প্রশিক্ষকৰ সৈতে কথা পতা দেখা গৈছিল৷ তেওঁ কি কথা কৈছে সেয়া জনা নাযায় যদিও পৰিস্থিতি যথেষ্ট গুৰুতৰ৷ অসন্তুষ্ট হৈ সূর্যই কেইবাবাৰো মূৰটো জোকাৰিছিল৷ যিয়েই নহওক, টীম ইণ্ডিয়াই মেচখনৰ ফলাফল বিশ্লেষণ কৰি প্রত্যাৱর্তনৰ বাবে যুঁজিব লাগিব৷ ছুপাৰ এইটত চেন্নাইত ভাৰতৰ পৰৱর্তী প্রতিদ্বন্দ্বী হ’ল জিম্বাব’ৱে৷ সোমবাৰে ভাৰতীয় দলটোৱে আহমেদাবাদৰ পৰা চেন্নাইলৈ ৰাওনা হয়৷ কিন্তু সমগ্র দলটো বাছেৰে বিমানবন্দৰলৈ যোৱাৰ সময়ত বুমৰাহ আৰু অক্ষৰ ‘পৃথক’ আছিল৷

You might also like