নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনীষ তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা ৩৬ জনৰ শৰীৰত ক’ৰোনা নিগেটিভ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ বাসিন্দা মনীষ তিব্ৰেৱালৰ শৰীৰত ক’ভিড-১৯ পজিটিভ পোৱাৰ পাচতেই তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোকৰে নমুনা পৰীক্ষা কৰা হৈছিল । দেওবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত কয় যে আজি পৰীক্ষা কৰা ৩৬ গৰাকী লোকৰে নিগেটিভ আহিছে যদিও ইয়াৰে তিনিগৰাকীক চৰকাৰী কোৱাৰেণ্টাইন কেন্দ্ৰলৈ নিয়াৰ লগতে বাকীসকলক হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিয়ে ।

কিয়নো ৩ গৰাকীৰ বাহিৰে বাকীসকলৰ ইতিমধ্য়ে ১৪ দিন পাৰ হৈ গৈছে । সেয়ে এইসকলক যাবলৈ দিয়া হৈছে হোম কোৱাৰেণ্টাইনৰ বাবে । ইফালে, মনীষ তিব্ৰেৱালৰ পৰিয়ালৰ সদস্যকেইজনৰ শৰীৰতো ক’ভিড-১৯ নিগেটিভ পোৱা গৈছে ।

You might also like