নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন হত্যা গোচৰৰ বাবে গঠন হ’ব ফাষ্ট ট্রেক আদালত

ডিজিটেল ডেস্ক, ২৭ ফেব্রুৱাৰী : জুবিন হত্যা গোচৰৰ বাবে গঠন হ’ব ফাষ্ট ট্ৰেক আদালত। কালি ৰাজ্যিক কেবিনেটে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কালি কেবিনেটে প্রাণৰ শিল্পী জুবিন গার্গৰ হত্যাৰ গোচৰ বিচাৰৰ বাবে ফাষ্ট ট্রেক আদালত গঠন সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷

এই প্রসংগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয়– জুবিন গার্গৰ হত্যাৰ গোচৰৰ প্রতিদিনৰ শুনানিৰ বাবে এখন ফাষ্ট ট্রেক তথা বিশেষ আদালত গঠন কৰিবৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ কেবিনেট সিদ্ধান্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰা হ’ব৷ ইয়াৰ পৰৱর্তী কার্যসূচী বা পৰৱর্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্রহণ কৰিব৷

মুখ্যমন্ত্রীয়ে কয়– হত্যাৰ গোচৰত কোনোবা অভিযুক্ত হ’লেও আদালতত বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তক জামিন দিয়ে৷ কিন্তু জুবিন গার্গৰ হত্যাৰ গোচৰৰ শুনানি চলি থকা বর্তমানৰ আদালতে এজনো অভিযুক্তক আজিলৈকে জামিন দিয়া নাই৷ সেয়েহে চৰকাৰৰ ধাৰণা আছিল– বর্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্রক্রিয়া নিশ্চিতভাৱে সুৰক্ষিত হ’লহেঁতেন৷ কিন্তু পূর্বে আমি এটা কথা ঘোষণা কৰি থৈছিলোঁ- এই গোটেই ঘটনাৰ ক্ষেত্রত পৰিয়ালে যি বিচাৰে চৰকাৰে তাকেই কৰিব৷ যিহেতু জুবিন গার্গৰ পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্রেক আদালতৰ কথা কৈছে, সেই কাৰণে চৰকাৰৰ মতামতক দূৰত ৰাখি এই বিচাৰ প্রক্রিয়া ফাষ্ট ট্রেক আদালতত দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ইয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব, ন্যায়ালয়ে গাইডলাইন নির্মাণ কৰিব আৰু ৰাজ্য চৰকাৰে আন্তঃগাঁথনিৰ ক্ষেত্রত সহযোগিতা কৰিব৷

You might also like