অধিক ভয়ংকৰ হ’ব অপাৰেচন সিন্দূৰ–২.০, চিৰবৈৰী পাকিস্তানক সকীয়ালে ভাৰতীয় সেনাই
নিউজ ডেস্ক, ২৭ ফেব্রুৱাৰী : পুনৰ যদি ভাৰতীয় সেনাই অপাৰেচন সিন্দূৰ অভিযান চলাবলগীয়া হয় তেনেহ’লে তাৰ পৰিণতি আৰু অধিক মাৰাত্মক হ’ব৷ পাকিস্তানৰ সৈতে অসহজ সম্পর্ক চলি থকাৰ মাজতে এনে এটি বার্তা দিলে ভাৰতীয় সেনাৰ ৱেষ্টার্ন কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডাৰ-ইন-চীফ লেফেটেনেণ্ট জেনেৰেল মনোজ কুমাৰ কাটিয়াৰে৷
যোৱা বছৰ জম্মু–কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণত ২৬জন লোকৰ মৃত্যুৰ ঘটনাৰ পিছতে অপাৰেচন সিন্দূৰ অভিযান চলাইছিল ভাৰতীয় সেনাই৷ এই অভিযানত পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ মূল ভূখণ্ডত কমেও ৯টা সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত কৰিছিল তেওঁলোকে৷ পাক সেনায়ো ইয়াৰ পিছতে ভাৰতৰ ওপৰত আক্রমণ চলোৱাৰ চেষ্টা কৰে৷ কিন্তু ভাৰতীয় সেনাই পাকিস্তানৰ সেই আক্রমণ প্রতিৰোধ কৰি প্রত্যাক্রমণ কৰে৷ তিনি দিনৰ অস্থিৰতাৰ পিছত দুয়োখন দেশে যুদ্ধবিৰতিৰ সিদ্ধান্ত লয়৷ সেই সিদ্ধান্ত এতিয়াও বাহাল আছে৷
সেনা বিষয়াগৰাকীয়ে কয়– ‘অপাৰেচন সিন্দূৰত আমি পাক সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ চলাইছিলোঁ৷ তেওঁলোকে প্রত্যাক্রমণ কৰে৷ তাৰ উত্তৰত আমি তেওঁলোকৰ সামৰিক ঘাটি, বায়ুসেনাৰ ঘাটি ধ্বংস কৰি দিওঁ৷ তাৰ পিছতে তেওঁলোকে যুদ্ধবিৰতি কৰিবলৈ বিচাৰে৷ অৱশ্যে এই প্রস্তাৱ পোনপটীয়াকৈ আমাৰ ওচৰত উত্থাপন নকৰিলে৷ অন্য দেশলৈ গৈ ভাৰতক যুদ্ধবিৰতিৰ বাবে সৈমান কৰাবলৈ খাটনি ধৰে৷’
১৯৭১ চনৰ যুদ্ধ বা কার্গিল যুদ্ধৰ পৰাও পাকিস্তানে শিকনি নোলোৱা বুলি মন্তব্য কৰে সেনা বিষয়াগৰাকীয়ে৷ তেওঁ কয়– ‘ভৱিষ্যতে যদি অপাৰেচন সিন্দূৰ অভিযান আৰম্ভ হয় তেনেহ’লে সেয়া ভয়ংকৰ হ’ব৷ আমি কিদৰে উত্তৰ দিওঁ, তাৰ মাত্রা কেনে হ’ব সেয়া আমি সেই সময়তহে ঠিক কৰিম৷ কিন্তু আমি এইটো জনাওঁ যে অপাৰেচন সিন্দূৰ–২.০ মাৰাত্মক হ’ব৷ তেওঁ আৰু কয়– ‘তেওঁলোকে ছায়াযুদ্ধই চলাব পাৰে৷ পোনপটীয়াকৈ যুদ্ধ কৰিব নোৱাৰে৷ যুদ্ধবিৰতিৰ বাবে যিখন দেশে আন দেশক খাটনি ধৰিব লাগে, তেওঁলোকে আকৌ পাৰমাণৱিক আক্রমণৰ কথা কয়৷’