নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই পৃথক উদ্যানত ১০ দিনত ৭২টা বাঘৰ মৃত্যু…

নিউজ ডেস্ক, ২৭ ফেব্রুৱাৰী : থাইলেণ্ডৰ দুখন পৃথক উদ্যানত ১০ দিনত মৃত্যু হ’ল ৭২টা বাঘৰ৷ ইতিমধ্যে ঘটনাটোক লৈ চাঞ্চল্য বিয়পি পৰিছে৷ প্রাথমিকভাৱে জানিব পৰা মতে, ডিছটেম্পাৰ ভাইৰাছত আক্রান্ত হৈ প্রাণ হেৰুৱাবলগীয়া হৈছে বাঘকেইটাই৷ বিষয়টোক লৈ তদন্ত আৰম্ভ কৰা হৈছে৷

সংবাদ মাধ্যমৰ বাতৰি মতে, চলিত মাহৰ প্রথম ভাগত থাইলেণ্ডৰ চিয়াং মাই প্রদেশৰ মে টায়িং আৰু মে’ ৰিম জিলাত ঘটিছে এই ঘটনা৷ ৮ ফেব্রুৱাৰীৰ পৰা ১৮ ফেব্রুৱাৰীৰ ভিতৰত এই দুয়োখন জিলাৰ দুখন উদ্যানত মৃত্যু হৈছে মুঠ ৭২টা বাঘৰ৷

সূত্রটোৰ মতে, বাঘকেইটাৰ শৰীৰত কোনো অসুস্থতাৰ লক্ষণ দেখিবলৈ পোৱা হোৱা নাছিল৷ কিন্তু সিহঁত দুর্বল হৈ পৰিছিল৷ তাৰ পিছতেই এটাৰ পিছত এটাকৈ বাঘ মৃত্যুমুখত পৰে৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন মতে বাঘকেইটা কেনাইন ডিছটেম্পাৰ ভাইৰাছত আক্রান্ত হৈছিল৷

You might also like