নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমা শুল্ক বিভাগৰ জেৰা : গ্ৰেপ্তাৰ মঙলদৈৰ ডিটিঅ’সহ চাৰিজন

সীমা শুল্ক বিভাগৰ অভিযানত মঙলদৈৰ জিলা পৰিবহণ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ কৰিছে৷ বঙাইগাঁৱৰ তদনীন্তন জিলা পৰিবহন বিষয়া দীপক পাটোৱাৰীসহ চাৰিজনক বিভাগটোৱে মাৰাথন জেৰাৰ অন্তত সীমা শুল্ক বিভাগৰ তৰফৰ পৰা আদালতত হাজিৰ কৰায় ৷

বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত ১৫ দিনৰ অন্তৰ্ৱতীকালিন জামিন লাভ কৰিবলৈ সক্ষম হয়৷ অৱশ্য চাৰিওজনে জামিন লাভ কৰা স্বত্বেও নিশাটো কটায় অভয়াপুৰী জেলত ৷ জামিনৰ ওপৰত ভিত্তি কৰি জেলৰ পৰা আজি ওলাব পাৰিব চাৰিওজনে৷

কেৰেলাৰ কোচিৰ পৰা সীমা শুল্ক বিভাগৰ উচ্চ পদস্থ দল এটাই অভিযান চলাই আটক কৰে বঙাইগাঁৱৰ তদানীন্তন জিলা পৰিবহন বিষয়া দীপক পাটোৱাৰী, জালাল মণ্ডল, আযুব আলী আৰু মুস্তাফা আহমেদক৷ দীপক পাটোৱাৰী বৰ্তমান দৰং জিলাৰ পৰিবহণ বিষয়া হিচাপে কৰ্মৰত হৈ আছে ৷

দলটোক সহায় কৰে ধুবুৰী আৰু গুৱাহাটীৰ সীমা শুল্ক বিভাগৰ দলে৷ অভিযোগ মতে প্ৰতিবেশী দেশ ভূটানৰ প্ৰায় চাৰি শতাধিক নতুন বিলাসী বাহন আৰু ট্ৰাক দীপক পাটোৱাৰীৰ কাৰ্যকালত অসৎ পন্থাৰে বঙাইগাঁৱত পঞ্জীয়ন কৰিছিল। এইক্ষেত্ৰত সীমা শুল্ক বিভাগে শুল্ক ফাঁকিৰ তথ্য ধৰা পেলাই তদন্ত অব্যাহত  ৰাখিছে ৷

উল্লেখ্য যে বঙাইগাঁৱত পঞ্জীয়নভূক্ত এই বিলাসী বাহনসমূহ কেৰেলাৰ বহু ভিআইপি লোকে ব্যৱহাৰ কৰি থকাৰ তথ্য পোহৰলৈ আহিছে ৷ প্ৰায় দুটা বছৰ পূৰ্ৱে বঙাইগাঁৱত ডিটিঅ হৈ থকা সময়ত অসৎ পন্থাৰে বাহনৰ পঞ্জীয়ন কৰাৰ অপৰাধত বঙাইগাঁও সদৰ থানাত ৰুজু এক গোচৰৰ ভিত্তিত জেলৰ ভাত খাবলগীয়া হৈছিল দীপক পাটোৱাৰী ৷

আদালতৰ পৰা জামিন লাভ কৰি পুনৰ চাকৰিত যোগদান কৰি তেওঁ মঙলদৈৰ জিলা পৰিবহণ বিষয়া হিচাপে কৰ্মৰত হৈ আছিল ৷

বিশেষ বাৰ্তা, বঙাইগাঁও, ২৮ ফেব্ৰুৱাৰী

You might also like