সোণোৱালসকলৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিছে বিজেপিয়ে
নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতে ডিব্ৰুগড়ত সোনোৱাল কছাৰী ছাত্ৰ সন্থা আৰু সোণোৱাল কছাৰী সমাজে সংবাদ মেল অনুস্থিত কৰিছে। অসমত সোনোৱাল কছাৰী সমাজৰ দুজনকৈ মুখ্যমন্ত্ৰী হৈ গৈছে যদিও বিজেপিয়ে সম্পূৰ্ণৰূপে সোণোৱাল কছাৰীসকলক উপেক্ষিত কৰাৰ অভিযোগ কৰে সংবাদ মেলযোগে। বিজেপিয়ে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় প্ৰতিনিধিক ৰাজনৈতিক সুযোগ দিছে যদিও সোনোৱালসকলক দিয়া নাই।
অসমৰ তৃতীয় ভৈয়াম জনজাতি জনগোষ্ঠী সোনোৱাল কছাৰীসকলক অসম বিধানসভাৰ আগন্তুক নির্বাচনত বিশেষকৈ শাসক দল ভাৰতীয় জনতা পার্টী, বাষ্ট্রীয় দল কংগ্ৰেছ, অসম গণ পৰিষদ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অনান্য ৰাজনৈতিক দলে অসংৰক্ষিত বিধানসভা সমষ্টি সমূহত প্রাথী প্ৰক্ষেপ নকৰা বা টিকট প্ৰদানৰ পৰা বঞ্চিত কৰাৰ সুন্দৰ্ভত সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা আৰু সদৌ সোনোৱাল কছাৰী সমাজে সংবাদ মেলৰ জৰিয়তে তীব্র বিৰোধিতা কৰে।
ঘাইকৈ অনুসূচীত জনজাতি সকলৰ বাবে সংৰিক্ষত নোহোৱা ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত দুলীয়াজান, টিংখং, নাহৰকটীয়া, খোৱাং, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ শদিয়া বিধান সভা সমষ্টিত বুজন সংখ্যক সোনোৱাল কছাৰী ভোটাৰৰ বসতি থকাৰ পিছতো আজিৰ তাৰিখলৈ কোনো এটা ৰাজনৈতিক দলে প্রার্থী প্ৰেক্ষেপ নকৰাটো অতি দুভাগ্যজনক আৰু সোনোৱাল কছাৰী সকলক ৰাজনৈতিক, অর্থনৈতিক সামাজিক বা সাংস্কৃতিক ভারে অৱদমন কৰাটো অতি পৰিতাপৰ বিষয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭ টা দশক অতিক্ৰম কৰাৰ মাজত কেৱল দুই এগৰাকী বিধায়ককহে অসম বিধানসভালৈ নিৰ্বাচিত কৰাৰ ফলত সোনোৱাল কছাৰী সকলৰ ৰাজনৈতিক আশা আকাংখ্যা আজিৰ তাৰিখলৈকে পুৰন নহল আৰু যোৱা দশক সমূহত সোনোৱাল কছাৰী সকলৰ গণতান্ত্রিক অধিকাৰ তীব্রভাৱে খর্ব হ’ল বুলি সোনোৱাল কছাৰী সমাজৰ সাধাৰণ সম্পাদক দীপক শইকীয়া আৰু সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বুধিন সোণোৱালে কয়।
অসমৰ আদিম ভূমিপুত্র খিলঞ্জীয়া সোনোৱাল কছাৰী সকলক যুগ যুগ ধৰি কৰি অহা এই প্ৰতাৰণা সোনোৱাল কছাৰী নৱপ্রজন্ম আৰু জাতীয় সংগঠন সমূহে কেতিয়াও সহ্য কৰিব নোৱাৰে আৰু আগন্তুক নিৰ্বাচনত ইয়াৰ পৰিবৰ্তন নঘটিলে বিকল্প চিন্তা কৰিবলৈ বাধ্য হব বুলি সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা আৰু সদৌ সোনোৱাল কছাৰী সমাজে সংবাদ মেলত অৱগত কৰিছে। সেয়েহে আগন্তুক নিৰ্বাচনত সকলো ৰাজনৈতিক দলক সোনোৱাল কছাৰী অধ্যুষিত অঞ্চলত টেটুফালি নিৰ্বাচনী প্ৰচাৰ অভিজান বন্ধ কৰিবলৈ সঁকীয়াই দি সোনোৱাল কছাৰী প্ৰতিনিধিক প্ৰাৰ্থীত্ব প্ৰদান নকৰিলে নিৰ্বাচনী প্ৰচাৰ সময়ত মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া প্ৰতিবাদৰ সন্মুখীন হ’ব বুলি সকীয়াই দি কয় যে, বিজেপিয়ে খিলঞ্জীয়া ভূমিপুত্ৰ কথা কয়, কিন্তু যেতিয়া ৰাজনৈতিক বিষয় আহে তেতিয়া কিন্তু মৌন থাকে।
ইপিনে ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় প্ৰতিনিধিক সুবিধা দিছে কিন্তু বৃহত জনগোষ্ঠীটোক বিৰ্গত নিৰ্বাচনটো সুবিধা নিদিলে,এইবাৰো দিয়া নাই। সোনোৱাল সকলৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি। দক্ষিণ পাৰ আৰু উত্তৰ পাৰত সমষ্টি সমুহত সোনোৱাল কছাৰী লোকে জিকোৱাৰ আৰু হৰুৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি কৈ বৰ্তমান মাথোঁ খোৱাং সমষ্টিত এজন সোনোৱাল জনগোষ্ঠীয় শক্তিশালী দাবীদাৰ আছে যদিও তেওঁক যদি উপেক্ষিত কৰে তেন্তে উজনিত বিজেপিৰ বিৰুদ্ধে সোনোৱাল জনগোষ্ঠীয় ৰাইজ স্থিতি গ্ৰহণ কৰিব বুলি স্পষ্ট ভাৱে সংবাদ মেলত সকীয়াই দিয়ে। সংবাদ মেলত সোনোৱাল কছাৰী জনগোষ্ঠী কেইবাটাও সংগঠনে অংশগ্ৰহণ কৰে।
বিশেষ বাৰ্তা, ডিব্ৰুগড়, ১৭ মাৰ্চ