অসম জাতীয় পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা
অসম বিধানসভা নিৰ্বাচন ২০২৬ক কেন্দ্ৰ কৰি অসম জাতীয় পৰিষদে (অজাপ) দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।
এই তালিকাত দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। শদিয়া সমষ্টিৰ পৰা জগদীশ ভূঞাক আৰু গুৱাহাটী (চেণ্ট্ৰেল) সমষ্টিৰ পৰা কুংকি চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে দলটোৱে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল। আগন্তুক নিৰ্বাচনত শক্তিশালী প্ৰদৰ্শন দেখুৱাবলৈ অজাপই লাহে লহাে প্ৰাৰ্থী ঘোষণা কৰি আছে বুলি দলীয় সূত্ৰে জনোৱা হৈছে।
ডিজিটেল ডেস্ক, ১৯ মাৰ্চ