শোণিতপুৰৰ ৬৯নং নদুৱাৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ পৰা আজি পদত্যাগ কৰে শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা নদুৱাৰৰ কংগ্ৰেছৰ টিকটপ্ৰত্যাশী দাদুল বৰকাকতিয়ে। সমষ্টিটোৰ কংগ্ৰেছৰ টিকটপ্ৰত্যাশী আছিল বৰকাকতি।
সমষ্টিটোত আগছুৰ সদ্য প্ৰাক্তন সভাপতি, ন-কংগ্ৰেছী সুনীল ছেত্ৰীক দলীয় টিকট প্ৰদান কৰাৰ পাছত দাদুলসহ অন্যান্য প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ মাজত বিদ্ৰোহৰ সূচনা হৈছিল । অন্তঃকন্দলত জৰ্জৰিত হৈ তথা টিকট নাপাই বৰকাকতিয়ে এনেদৰে পদত্যাগ কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । কাকতিয়ে নিজৰ পদত্যাগ পত্ৰ সভাপতি গৌৰৱ গগৈলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে ।
নিয়মীয়া বাৰ্তা, বালিপৰা, ২১ মাৰ্চ :