নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৮ ঘন্টাৰ ভিতৰত মুকলি কৰক হৰমুজ প্ৰণালী, ইৰানক ধমক ট্ৰাম্পৰ

ডিজিটেল ডেস্ক, ২২ মাৰ্চ : মধ্যপ্ৰাচ্যৰ যুদ্ধত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে সমগ্ৰ বিশ্ব। ইৰানৰ ওপৰত ইজৰাইল-আমেৰিকাই যুটীয়াভাৱে কৰা আক্ৰমণৰ পিছত সাগৰীয় পথ হৰমুজ প্ৰণালী বন্ধ কৰি থৈছে ইৰানে। ইৰানৰ এনে কঠোৰ স্থিতিত বিমোৰত পৰিছে কেইবাখনো দেশ। ক্ৰমান্বয়ে পৰিস্থিতি অধিক জটিল হৈ পৰাত ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰিবলৈ আমেৰিকাই ইৰানক সতৰ্কবাণী জাৰি কৰিছে।

দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকীয়াই দিয়ে যে ইৰানে যদিহে ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি নকৰে তেন্তে আমেৰিকাই ধ্বংসলীলাৰ সৃষ্টি কৰিব । ট্ৰুথত দিয়া এটা পোষ্টত ট্ৰাম্পে ইৰানক হৰমুজ জলপথ ৪৮ ঘন্টাৰ ভিতৰত মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে আমেৰিকা-ইজৰাইলৰ আক্ৰমণ আৰু ইৰানৰ প্ৰতিশোধমূলক আক্ৰমণ আৰম্ভ হোৱাৰ পিছত ইৰানে এই গুৰুত্বপূৰ্ণ জলপথ বন্ধ কৰি দিছে।

ট্ৰাম্পে পোষ্টটোত উল্লেখ কৰিছে যে যদিহে ইৰানে ৪৮ ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে মুকলি নকৰে তেন্তে আমেৰিকাই তেওঁলোকৰ বিদ্যুৎ কেন্দ্ৰসমূহ আক্ৰমণ কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰিব। এই আক্ৰমণ আটাইতকৈ ডাঙৰ বিদ্যুৎ কেন্দ্ৰৰ পৰা আৰম্ভ কৰিব বুলিও ট্ৰাম্পে উল্লেখ কৰে ।

অৱশ্যে এই যুদ্ধকালীন সময়তো ভাৰতলৈ ইন্ধন কঢ়িয়াই অনা কেইবাখনো জাহাজক এই পথেৰে আহিবলৈ অনুমতি প্ৰদান কৰিছে ইৰানে।

You might also like