নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ মার্চ, চ’ত মাহৰ ৮ তাৰিখ
সোমবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই

মেষ : আজি বিশেষ কামত সাফল্য লাভ৷ শৰীৰত দুর্বলতা অনুভৱ৷ আবেলি ৫ বজাৰ পিছত যাত্রা কৰিব৷ প্রেমত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷

বৃষ : আজি কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে সু–সম্পর্ক স্থাপন৷ ব্যৱসায়ত সফলতা লাভ৷ প্রেমত আনন্দ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৯৷

মিথুন : আজি সামাজিক কর্মত জড়িতসকলে উন্নত পৰিৱেশ পাব৷ বিদ্যাত শুভ৷ যাত্রা কৰিব পাৰে৷ প্রেমত বাধা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷

কর্কট : আজি কর্মত পৰিশ্রম বেছি থাকিব যদিও আনন্দ লাভ কৰিব৷ দাম্পত্যত মতবিৰোধ৷ সন্তানৰ যত্ন ৰাখক৷ শুভ ৰং ক’লা, শুভ সংখ্যা ২৷

সিংহ : আজি কন্যা সন্তানৰ প্রতি লক্ষ্য ৰাখক৷ যাত্রাৰ ক্ষেত্রত সাৱধান৷ পাৰিবাৰিক অশান্তিত ভুগিব পাৰে৷ ব্যৱসায়ত মধ্যম৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷

কন্যা : আজি ব্যৱসায়ত উন্নতিৰ যোগ৷ যোগাযোগত মধ্যম৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ প্রেমত সাৱধান৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷

তুলা : আজি কর্মত সফলতা লাভ৷ বন্ধুবর্গৰ পৰা সহায় লাভ৷ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা৷ প্রেমত আনন্দ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫৷

বৃশ্চিক : আজি সাংস্কৃতিক ক্ষেত্রত জড়িতসকলে সফলতা লাভ কৰিব৷ বিদ্যাত শুভ৷ ব্যৱসায়ত ভবা মতে ফল নাপাব৷ প্রেমত সন্দেহ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯৷

ধনু : আজি কর্মক্ষেত্রত স্থান পৰিৱর্তনৰ যোগ৷ যান–বাহন ক্রয় কৰাৰ যোগ৷ শৰীৰৰ যত্ন লওক৷ প্রেমত বুজাবুজি৷ শুভ ৰং নীলা, শুভ সংখ্যা ১৷

মকৰ : আজি পুৰণা বন্ধুক লগ পাই সুখী হ’ব৷ বিদ্যাত মধ্যম৷ যাত্রাত শুভ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ প্রেমত কষ্ট৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৫৷

কুম্ভ : আজি আর্থিক দিশত বাধা পাব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত সাৱধান৷ খৰচ বাঢ়িব৷ শৰীৰ শুভ৷ প্রেমত আনন্দ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷

মীন : আজি পাৰিবাৰিক দিশত শুভ৷ পুৱা যাত্রা কৰিব পাৰে৷ ব্যৱসায়ত উন্নতি৷ সন্তানৰ যত্ন লওক৷ বিদ্যাত বাধা৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৮৷

You might also like