হাজো সমষ্টিৰ প্রাক্তন বিধায়ক ড০ হৰেন দাসৰ আজি বিয়লি দেহাবসান ঘটে৷ বিগত কিছুদিন ধৰি বার্ধক্যজনিত ৰোগত আক্রান্ত হৈ থকা প্রাক্তন বিধায়ক ড০ দাসক পৰিয়ালে মহানগৰীৰ এখন হাস্পতালত ভর্তি কৰিছিল৷ তাতেই আজি চিকিৎসাধীন অৱস্থাত বিয়লি তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ৷
২০০১ চনৰ পৰা ২০০৬ চনলৈ হাজো সমষ্টিত বিধায়কৰূপে নির্বাচিত হোৱা ড০ হৰেন দাসে গুৱাহাটী উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তাৰূপেও ওকালতি কৰিছিল৷ এগৰাকী সমাজকর্মী হিচাপেও সমাদৃত ড০ দাসে ১৯৬০–৬১ চনত কটন মহাবিদ্যালয়ৰ পৰা সাধাৰণ সম্পাদকৰূপে নির্বাচিত হৈছিল৷
১৯৯২ চনৰ পৰা ১৯৯৭ চনলৈ পূব গুৱাহাটী বিহু সন্মিলনৰ সভাপতিৰ দায়িত্বভাৰ তেওঁ লৈছিল৷ প্রেছ কাউন্সিল অৱ ইণ্ডিয়া, বাৰ কাউন্সিল অফ ইণ্ডিয়া, বাংগালুৰুৰ নেচনেল ল’ স্কুল অফ ইণ্ডিয়া ইউনিভাৰচিটীৰ সাধাৰণ পৰিষদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কার্যবাহী পৰিষদ, অসম বিত্ত আয়োগৰ দৰে সন্মানীয় সংস্থাৰ সদস্যৰূপে নিয়োজিত হোৱা ড০ দাসে ১৯৬৫ চনৰ পৰা ১৯৭৫ চনলৈ বি বৰুৱা মহাবিদ্যালয় আৰু ১৯৭৮ চনৰ পৰা ১৯৯০ চনলৈ জে বি আইন মহাবিদ্যালয়ত (অংশকালীন) প্রবক্তাৰূপে কার্যনির্বাহ কৰিছিল৷
প্রাক্তন বিধায়কগৰাকীৰ মৃত্যুত হাজো অঞ্চলত শোকৰ ছাঁ পৰিছে৷ প্রাক্তন বিধায়কগৰাকীৰ মৃত্যুত অসম প্রদেশ কংগ্রেছ সমিতিয়ে শোক প্রকাশ কৰিছে৷ কাইলৈ পুৱা ৯.৩০ বজাত প্রাক্তন বিধায়কগৰাকীৰ নশ্বৰ দেহ মহানগৰীৰ এবিচিৰ ৰাজীৱ ভৱনলৈ অনা হ’ব৷ তাতেই কংগ্রেছৰ সকলো নেতা–কর্মীয়ে শেষ শ্রদ্ধা জ্ঞাপন কৰিব৷ প্রয়াত ড০ দাসে মৃত্যুৰ সময়ত পত্নী, দুই কন্যাসহ অনেক গুণমুগ্ধক এই সংসাৰত এৰি থৈ গৈছে৷
ডিজিটেল ডেস্ক, ২৩ মাৰ্চ