আজি লামডিং সমষ্টিৰ লংকাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত ৯ এপ্ৰিল তাৰিখে অনুষ্ঠিত হʼবলগা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰথমখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰৰ শুভাৰম্ভ কৰে। অংশগ্ৰহণ কৰে বিজেপি দলৰ ‘বিজয় সংকল্প দিৱস’ত।দিনৰ ১১ বজাত হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰীগৰাকী লংকাত উপস্থিত হৈ লামডিং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
লংকা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প দিৱসত কেইবা সহস্ৰাধিক লোকৰ সমাগম হয়। বহুকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিলে শিবু মিশ্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে। লামডিং সমষ্টিত নকৈ অন্তৰ্ভূক্ত হোৱা লংকাৰ বাবে কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে। এইবাৰ বিজেপি দলৰ চৰকাৰ আহিলে লংকা মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদানৰ লগতে লংকাত এহেজাৰ লোকে বহি সভা, সমিতি পাতিব পৰা এটা শীত-তাপ নিয়ন্ত্ৰিত ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মান কৰাৰ লগতে লংকা আৰু কাকীত দুখনকৈ ধুনীয়া ষ্টেডিয়াম নিৰ্মানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে লংকা আৰু কাকীত যিসকলে মাটিৰ পট্টা পোৱা নাই সেইসকলৰ মাটিৰ পট্টা পোৱাৰো ব্যৱস্থা কৰি দিয়াৰ কথাও সভাত ঘোষণা কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।
ভাষণৰ আৰম্ভণিতে সপ্তমী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ স্বভাৱজাত ভংগীৰে ভোটাৰ ৰাইজক সম্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ আমি সকলোৱে লামডিং সমষ্টিৰ পৰা শিবু মিশ্ৰক জিকাব লাগিব। কাৰণ আমাক এখন বিজেপি চৰকাৰ লাগে যাতে আমাৰ অসমত শান্তি থাকে, উন্নয়ণ থাকে আৰু আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ গৈ থাকিব পাৰোঁ।
এইবাৰ আপোনালোকে বিজেপি চৰকাৰ বনাই দিয়ক, অসমত ২ লাখ লʼৰা- ছোৱালীক চৰকাৰী চাকৰি দিম। আমাৰ লʼৰা-ছোৱালীক পঢ়াব লাগিব,শিক্ষিত কৰিব লাগিব যাতে আমাৰ লʼৰা-ছোৱালীয়েও চৰকাৰী চাকৰি পাব পাৰে। কিন্তু দুখীয়া মাক বাপেকে লʼৰা ছোৱালীক কেনেকৈ পঢ়াব? সেইকাৰণে এইবাৰ মই এটা কথা কব খুজিছো যে কেজিৰ পৰা পিজিলৈ মানে নাৰ্চাৰীৰ পৰা ইউনিভাৰচিটিলৈ আমাৰ যিমান লʼৰা-ছোৱালী আছে অসমৰ, সেই সকলোৰে পঢ়োৱাৰ দায়িত্বও মামাই লব।
মাক-বাপেকে কোনো চিন্তা কৰিব নেলাগে। নিযুত বাবু আঁচনি তাতো টকা বঢ়াম, নিযুত মইনা আঁচনি তাতো টকা বঢ়াম, এতিয়া নৱমশ্ৰেণীলৈ পঢ়া ছাত্ৰ- ছাত্ৰীয়ে চাইকেল পাইছে, চৰকাৰ আহিলে পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো চাইকেল দিয়াৰ ব্যৱস্থা কৰিম। চৰকাৰ আহিলে এইবাৰ ১ লাখ নহয়, ১০(দহ) লাখ লʼৰাক ব্যৱসায়-বেপাৰ কৰিবলৈ ২ লাখকৈ টকা দিম। লামডিং সমষ্টিত দহ হেজাৰ লʼৰাই ২ লাখকৈ টকা পাব।
চাকৰি কৰাই চাকৰি কৰিব। ব্যৱসায় কৰাই ব্যৱসায় কৰিব। অসমত কোনো দুখত থাকিব নেলাগে, কষ্টত থাকিব নেলাগে। এইবাৰ আমি উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলক দহ হেজাৰকৈ টকা দিছোঁ। চৰকাৰ আহিলে, দহ হেজাৰৰ ঠাইত ২৫ হেজাৰকৈ টকা পাব মহিলাসকলে।
আনহাতে চেনি, দাইলি, নিমখৰ লগত এইবাৰ মিঠা তেলো দিম। কংগ্ৰেছে এইবোৰ দিব পাৰিব নেকি? কংগ্ৰেছে খালী লুঙী, কম্বল দিব পাৰিব বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলৰ চিহ্নৰ হাতৰ পৰিবৰ্তে লুঙী হʼব লাগে বুলি মন্তব্য কৰে।
অসমত আৰু ১৫ লাখ মহিলাক অৰুণোদয় আঁচনিৰ টকা দিম বুলিও ঘোষণা কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত যি সকলে চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ বাবে নতুনকৈ ১৫ লাখ চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰা হʼব বুলি নিৰ্বাচনী সভাত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
শিবু মিশ্ৰক পদুম ফুলৰ ছবিত ভোট দিবলৈ আহ্বান জনায়। শিবু মিশ্ৰক ভোট দিলেহে মুখ্যমন্ত্ৰী হʼব পাৰিব হিমন্ত বিশ্ব শৰ্মা আৰু তেতিয়াহে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ ৰূপায়ন কৰিবলৈ সক্ষম হʼব বুলি মন্তব্য কৰি শিবু মিশ্ৰক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনাই ড০ হিমন্ত বিশ্ব শৰ্মাই।
বিজয় সকল্প দিৱসৰ সভাত মুখ্যমন্ত্ৰীৰ লগতে জম্মু কাশ্মীৰৰ বিৰোধী দলৰ দলপতি সুনীল শৰ্মা, বিজেপি দলৰ নিতীন ত্যাগী, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপৰিও বহুকেইজন বিজেপি দলৰ নেতা- কৰ্মী উপস্থিত থাকে। লংকাৰ পাছতে হেলিকপ্তাৰেৰে হোজাই সমষ্টিৰ ৰজা গাঁৱত হোজাই সমষ্টিৰ প্ৰাৰ্থী শিলাদিত্য দেৱৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।
নিয়মীয়া বাৰ্তা, লংকা, ২৫ মাৰ্চ