ৰন্ধন গেছৰ নাটনিয়ে সৰ্বত্ৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দিনৰ দিনটো এজেন্সীৰ সম্মুখত শাৰী পাতি থকাৰ পিছতো চিলিণ্ডাৰ এটা পোৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বহু গ্ৰাহক। কিন্তু তাৰ মাজতে মহানগৰীৰ বহু এজেন্সীৰ গ্ৰাহকে চিলিণ্ডাৰ নোলোৱাৰ পিছতো ৰহস্যজনক ভাৱে চাবচিডিৰ ধন লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে।
মহানগৰীৰ কেবাটাও এজেন্সীৰ সমান্তৰালকৈ চন্দ্ৰপুৰ স্থিত দুটা গেছ এজেঞ্চিতো এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াক লৈ আনকি গ্ৰাহক আৰু কৰ্তৃপক্ষৰ মাজত বাক-বিতণ্ডা হোৱা পৰিলক্ষিত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি চন্দ্ৰপুৰস্থিত ব্লুমি গেছ এজেঞ্চি আৰু পিএমবি এজেন্সীৰ কেইবাগৰাকী গ্ৰাহকৰ ক্ষেত্ৰত এনে হৈছে। গ্ৰাহককেইজনে জানিব দিয়া মতে তেওঁলোকে বুকিং অনুসৰি এজেন্সীলৈ গেছ আনিবলৈ যোৱাৰ পিছত তেওঁলোকৰ নামৰ গেছ ডেলিভাৰী হোৱা বুলি জনায় কৰ্তৃপক্ষই।
কিন্তু গ্ৰাহকৰ বহীত ইচ্ছু নথকাৰ পিছতো কেনেদৰে আৰু কোনে সংশ্লিষ্ট গ্ৰাহকজনৰ বিপৰীতে চিলিণ্ডাৰ নিলে সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰে যদিও কোনো সুদুত্তৰ দিব পৰা নাই কৰ্তৃপক্ষই।
ইয়াক লৈ আনকি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এজেঞ্চি দুটাত। ইয়াক গেছৰ চোৰাং বেহা চলাই থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এজেঞ্চি দুটাৰ বিৰুদ্ধে। গেছৰ হাহাকাৰ অৱস্থাৰ মাজতে এজেন্সীৰ কোনো কৰ্মচাৰীয়ে গোপনে ক’লা বজাৰ চলাই থকাৰো অভিযোগ উত্থাপন কৰিছে একাংশ গ্ৰাহকে। সম্প্ৰতি এনে ঘটনাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।
ডিজিটেল ডেস্ক, ২৫ মাৰ্চ