ঐতিহ্যমণ্ডিত ফাটবিহু সমিতিৰ কাৰ্যালয় মুকলি প্ৰস্তুতি পৰাশৰৰ
অতীজৰ হাবুং অঞ্চলৰ ঢকুৱাখনাত চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত বিভিন্ন জাতি জনগোষ্ঠীৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ উৎসৱৰূপে উদযাপিত হৈ অহা ঐতিহ্যমণ্ডিত ফাটবিহু এইবাৰ অহা ৮, ৯ আৰু ১০ মে’ত অনুষ্ঠিত হ’ব। ২০২৬ বৰ্ষৰ ফাটবিহু পৰম্পৰাগত নিয়মেৰে সুন্দৰকৈ উদযাপন কৰিবৰ বাবে ইতিমধ্যে এখন শক্তিশালী উদযাপন সমিতিৰ তত্বাৱধানত ১২ খন উপ সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাইছে।
আজি দুপৰীয়া ১ বজাত ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ সমীপত উদযাপন সমিতিৰ এটি কাৰ্যালয় উদ্বোধন কৰে অসমৰ বোলছবি আৰু ভ্ৰাম্যমান থিয়েটাৰ জগতৰ মোহময়ী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। কাৰ্যালয়টো উদ্বোধন কৰি দিয়া ভাষনত অভিনেত্ৰী- পৰাশৰে কয় যে-‘ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু অসমৰ সাংস্কৃতিক জগতৰ এক অনন্য আৰু আকৰ্ষণীয় লোক অনুষ্ঠান।
ইয়াৰ লগত জড়িত হ’ব পৰাতো অতি আনন্দ তথা গৌৰৱৰ কথা। ঢকূৱাখনাবাসীয়ে অতি শৃংখলাবদ্ধ আৰু একতাৰে ফাটবিহু উদযাপন কৰি এক নিদৰ্শন দাঙি ধৰিছে। ফাটবিহু নাচালে ইয়াৰ বিশালতা অনুমান কৰিব নোৱাৰি। ফাটবিহু চালেহে অনুভৱ কৰিব পাৰে যায় যে অসমীয়া সংস্কৃতি কিমান শক্তিশালী আৰু কিমান চহকী।
ফাটবিহু সমিতিৰ সম্পাদক প্ৰশান্ত হাজৰিকাই আঁত ধৰা উক্ত কাৰ্যালয় উদ্ধোধনী অনুষ্ঠানত ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া ,উদযাপন সমিতিৰ সভাপতি হেমন্ত গগৈ আৰু সম্পাদক চন্দ্ৰজিৎ শইকীয়াকে প্ৰমুখ্য কৰি ফাটবিহু সমিতিৰ বিষয়ববীয়া আৰু দুই শতাধিক বিহু প্ৰেমী ৰাইজ উপস্থিত থাকে।এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাটাও জাতি জনগোষ্ঠীৰ বিহুদলে বিহু পৰিবেশন কৰে।
বিশেষ বাৰ্তা, ঢকুৱাখনা, ২৫ মাৰ্চ