নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঘাত বাঁও আঁঠুত, সোঁ আঁঠুৰ পৰীক্ষা কৰি এমবাপেক ফিট ঘোষণা

ডিজিটেল ডেস্ক, ২৬ মার্চ : আঘাত পাইছিল বাঁও ভৰিৰ আঁঠুত৷ পৰীক্ষা কৰিলে সোঁ ভৰিৰ আঁঠুৰ৷ স্বাভাৱিকতে ফলাফল ফিট হৈ আহিল৷ ফিট ঘোষণা কৰি খেলাৰ চার্টিফিকেট দিলে চিকিৎসকৰ দলে৷ ৰিয়েল মাদ্রিদৰ চিকিৎসকৰ এই অদ্ভুত কাণ্ডই সকলোৰে চকু কপালত তুলিছে৷ আচৰিত হ’লেও ফুটবল জগতখনে এই ঘটনাৰ সাক্ষী হয়৷

ৰিয়েল মাদ্রিদৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হ’ল বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰ ফ্রান্সৰ কিলিয়ান এমবাপে৷ ৰিয়েল মাদ্রিদৰ হৈ খেলি থকাৰ সময়ত এমবাপেয়ে বাঁও ভৰিৰ আঁঠুত আঘাত পাইছিল৷ কিন্তু দলটোৰ চিকিৎসকে তেওঁৰ সোঁ আঁঠুটো পৰীক্ষা কৰিলে৷ আঘাত লৈ খেলি থকা এমবাপেৰ আঘাত গুৰুতৰ হৈ পৰিছিল আৰু বিশ্বকাপতো অংশগ্রহণ অনিশ্চিত হৈ পৰাৰ উপক্রম ঘটিছিল৷

উল্লেখ্য যে যোৱা বছৰৰ ৭ ডিচেম্বৰত লা লিগাত চেল্টা ভিগোৰ বিৰুদ্ধে খেলি থকাৰ সময়ত আঘাতপ্রাপ্ত হৈছিল এমবাপে৷ কিন্তু তেওঁৰ আঘাত পোৱা আঁঠুটোৰ সলনি আনটো আঁঠু পৰীক্ষা কৰা হ’ল৷ পৰীক্ষাত কোনোধৰণৰ আঘাত ধৰা নপৰিল৷ ফলত, ফ্রান্সৰ তাৰকা ফুটবলাৰগৰাকীয়ে সেই অৱস্থাতে আৰু তিনিখন মেচ খেলিলে যদিও ১০ ডিচেম্বৰত চেম্পিয়নছ লীগৰ খেলখনত ৰিয়েলৰ হৈ বেঞ্চত বহিছিল, তথাপি বছৰৰ শেষৰ তিনিখন মেচত এমবাপেই সম্পূর্ণ ৯০ মিনিট খেলিছিল৷ ৩০ ডিচেম্বৰত প্রশিক্ষণৰ সময়ত ফুটবলাৰগৰাকীয়ে চিকিৎসকৰ আগত বাঁও আঁঠুত বিষ অনুভৱ কৰা বুলি ব্যক্ত কৰে আৰু পৰৱর্তী সময়ত তেওঁৰ বাঁও আঁঠুটো পৰীক্ষা কৰা হয়৷ দেখা গ’ল লিগা মেন ফাটি গৈছে৷

দলটোৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হোৱা এমবাপেই ক্লাবটোৰ চিকিৎসকৰ ওপৰত নির্ভৰ নকৰি ফ্রান্সলৈ ৰাওনা হয় আৰু তাতে তেওঁ চিকিৎসা আৰম্ভ কৰাত আৰোগ্য লাভ কৰে৷ প্রায় ২০ দিন জিৰণি লৈ পুনৰ খেলপথাৰলৈ উভতি আহিছিল তাৰকা ফুটবলাৰগৰাকী৷

You might also like