নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ অসমলৈ আহিব ওৱেইছি

অহা ৯ এপ্রিলত হ’ব লগা ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ নির্বাচনৰ প্রচাৰ চলাবৰ বাবে অসমলৈ আহিব এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ হৈ অসমত নির্বাচনী প্রচাৰ চলাবলৈ আহিব এআইএমআইএমৰ মুৰব্বীগৰাকী৷ অহা ২ আৰু ৩ এপ্রিলত আছাদুদ্দিন ওৱেইছিয়ে এআইইউডিএফৰ ২৭গৰাকী প্রার্থীৰ হৈ অসমত প্রচাৰ চলাব৷ এই কথা প্রকাশ কৰিছে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে৷ উল্লেখ্য যে এইবাৰ বিধানসভা নির্বাচনত এআইইউডিএফে কোনো ৰাজনৈতিক দলৰ সৈতে মিত্রতা নকৰাকৈ অকলশৰে নির্বাচনত অৱতীর্ণ হৈছে৷ অৱশ্যে এআইএমআইএম দলে এআইইউডিএফক সমর্থন প্রকাশ কৰিছে৷ এই সমর্থনৰ সুবাদতেই এআইএমআইএমৰ মুৰব্বীগৰাকীয়ে এআইইউডিএফৰ হৈ অসমত প্রচাৰ চলাব৷ অহা ২ এপ্রিলত অসমত উপস্থিত হ’ব আছাদুদ্দিন ওৱেইছি৷ আছাদুদ্দিন ওৱেইছিৰ অসম ভ্রমণ সন্দর্ভত সংবাদ মাধ্যমৰ আগত বদৰুদ্দিন আজমলে সদৰী কৰে– আছাদুদ্দিন ওৱেইছিৰ লগত বহু দিনৰে পৰাই মোৰ কথা চলি আছিল৷ আমাক সমর্থন কৰাৰ কথা কিছুদিন পূর্বে চর্চা চলিছিল আৰু তেওঁ আমাক সমর্থন কৰাৰ কথাত মান্তি হয়৷ সেই অনুসৰি তেওঁ অহা ২ আৰু ৩ এপ্রিলত অসমলৈ আহিব আৰু দৈনিক তিনি বা চাৰিখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷ তেওঁ দুদিনত কমেও ৮খন সভা কৰাৰ পৰিকল্পনা আছে৷ আমি আশা কৰোঁ তেওঁ আহিলে আমাৰ দলৰ লাভ হ’ব আৰু আমি কেইবাখনো আসনত জয়ী হ’ম৷ স্মর্তব্য যে এইবাৰ এআইইউডিএফ দলে ৰাজ্যৰ ২৭খন আসনত প্রতিদ্বন্দ্বিতাৰ বাবে প্রার্থী ঘোষণা কৰিছে৷ স্বয়ং বদৰুদ্দিন আজমলে এইবাৰ বিন্নাকান্দি সমষ্টিৰ পৰা প্রার্থী হিচাপে অৱতীর্ণ হৈছে৷ এআইইউডিএফ দলৰ হৈ প্রার্থিত্ব আগবঢ়োৱাসকলৰ ভিতৰত আছে ১২নং জলেশ্বৰ সমষ্টিত শ্বেখ শ্বাহ আলম, ৯নং বীৰসিং জাৰুৱাত আলী আকবৰ মিঞা, ১১নং মানকাচৰত আব্দুল চালাম শ্বাহ, ২১নং ভৱানীপুৰ–সৰভোগত্ ফাৰহাদ আলী, ১১৯নং সোণাইত মিনাৰ হুছেইন মাজাৰ ভূঞা, ১২৩নং উত্তৰ কৰিমগঞ্জ সমষ্টিত চৌধুৰী হিব্বুৰ ৰাছেল ওছামা মাবৰুৰ, ১৪নং পূব গোৱালপাৰা সমষ্টিত হাফিজ বছিৰ আহমেদ, ৮নং ধুবুৰী সমষ্টিত নজৰুল হক, ৫১নং দলগাঁও সমষ্টিত মজিবুৰ ৰহমান, ২৩নং চেঙা সমষ্টিত আশ্রাফুল হুছেইন, ৫৮নং চামগুৰি সমষ্টিত আব্দুল আজিজ, ১২৪নং দক্ষিণ কৰিমগঞ্জ সমষ্টিত ছিহাবউদ্দিন, ২৭নং ছমৰীয়া সমষ্টিত ইমদাদ হুছেইন, ৬নং গোলকগঞ্জ সমষ্টিত জমেশ্বৰ তালুকদাৰ, ২০নং বিজনী সমষ্টিত মোসুখা বসুমতাৰী, ৬১নং ৰহা সমষ্টিত মুকুট দাস, ১২৬নং ৰামকৃষ্ণ নগৰ সমষ্টিত ডাঃ অনুপ কুমাৰ দাস তালুকদাৰ, ৰূপহীহাটত আমিনুল ইছলাম, মন্দিয়াত হাফিজ ৰফিকুল ইছলাম, পাকা বেতবাৰীত মীনাক্ষী ৰহমান, গৌৰীপুৰত নিজানুৰ ৰহমান, সৃজনগ্রামত ৰেজাউল কৰিম সৰকাৰ, ধিঙত মতিউৰ ৰহমান, বিলাসীপাৰাত ছাভানা আখটাৰ আৰু লাহৰীঘাটত ছিদ্দিক আহমেদ অৱতীর্ণ হৈছে৷

ডিজিটেল ডেস্ক, ২৭ মার্চ

You might also like