সুদীর্ঘ ১২ বছৰৰ পিছত বিশ্বকাপলৈ যোগ্যতাৰ দিশে ইটালী!
ইটালীৰ ফিফা বিশ্বকাপ খেলাৰ আশা এতিয়াও নির্বাপিত হোৱা নাই৷ বৃহস্পতিবাৰে উত্তৰ আয়াৰলেণ্ডক ২–০ গ’লত পৰাস্ত কৰে ইটালীয়ে৷ যদি ইটালীয়ে আৰু এখন মেচত জয়লাভ কৰে তেন্তে ফিফা বিশ্বকাপৰ মূল ৰাউণ্ডলৈ যোগ্যতা অর্জন কৰিব৷
ইটালীয়ে পৰৱর্তী মেচখনত ব’ছনিয়া আৰু হার্জেগোভিনাৰ বিৰুদ্ধে মুখামুখি হ’ব আৰু মেচখনত জয়লাভ কৰিব পাৰিলে সুদীর্ঘ ১২ বছৰৰ পাছত পুনৰ বিশ্বকাপৰ মূল ৰাউণ্ডত দেখা পোৱা যাব চাৰিবাৰৰ বিশ্ব চেম্পিয়ন দলটোক৷ ৰাছিয়া আৰু কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰাত ব্যর্থ হৈছিল ইটালী৷
যোৱানিশা মেচখনৰ দুয়োটা গ’ল দ্বিতীয়ার্ধতহে হয়৷ ৫৬ মিনিটত ছেণ্ট্’ টোনালিয়ে গ’ল দি দলটোক অগ্রগতি প্রদান কৰে৷ দ্বিতীয়টো গ’ল ৮০ মিনিটত ম’ইছ কিনে স্ক’ৰ কৰে৷ যদি ইটালীয়ে উত্তৰ আয়াৰলেণ্ডক পৰাস্ত কৰিব নোৱাৰিলেহেঁতেন তেন্তে তেওঁলোকে পুনৰ বিশ্বকাপলৈ যোগ্যতা অর্জন কৰাত ব্যর্থ হ’লহেঁতেন৷
৩১ মার্চত ব’ছনিয়া আৰু হার্জেগোভিনাৰ বিৰুদ্ধে মুখামুখি হ’ব ইটালী আৰু সেই মেচখনত জয়লাভ কৰিলে বিশ্বকাপত স্থান নিশ্চিত হ’ব দলটোৰ৷ আনহাতে, আন এখন খেলত ব’ছনিয়াই টাইব্রেকাৰত ৱেলছক ৪–২ গ’লত পৰাস্ত কৰে৷ ইফালে গাৰেথ বেলৰ ৱেলছ আৰু উত্তৰ আয়াৰলেণ্ডে বিশ্বকাপৰ মূল ৰাউণ্ডলৈ যোগ্যতা অর্জন কৰাত ব্যর্থ হয়৷
ডিজিটেল ডেস্ক, ২৮ মার্চ