নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানৰ অনুৰোধ নাকচ ফিফাৰ, আমেৰিকাতে খেলিব লাগিব বিশ্বকাপৰ মেচ

ডিজিটেল ডেস্ক, ২ এপ্রিল : ইৰানৰ অনুৰোধ নাকচ কৰিলে বিশ্ব ফুটবলৰ সর্বোচ্চ সংস্থা ফিফাই৷ যদি বিশ্বকাপ খেলিব লাগে তেন্তে আমেৰিকাৰ মাটিতে খেলিব লাগিব৷ ইৰানে আমেৰিকা আৰু ইজৰাহলৰ যৌথ সামৰিক অভিযান আৰু ড’নাল্ড ট্ৰাম্পৰ সতর্কবাণীৰ প্রতিবাদত বিশ্বকাপৰ মেচসমূহ আমেৰিকাৰ পৰা স্থানান্তৰ কৰিবলৈ ফিফাক অনুৰোধ জনাইছিল৷

বিশ্বকাপৰ গ্রুপ পর্যায়ত ইৰানৰ চাৰিখন মেচ আমেৰিকাত অনুষ্ঠিত হ’ব৷ সূচী অনুসৰি ইৰানৰ খেলসমূহ ল’ছ এঞ্জেলছ আৰু ছিয়াটলত হ’ব৷ ইৰানে জাতীয় দলৰ সুৰক্ষাৰ বাবে মেচসমূহ মেক্সিকো বা কানাডালৈ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছিল৷ সেই অনুৰোধ নাকচ কৰি ফিফাৰ সভাপতি জিয়ানি ইনফাণ্টিনোৱে কয় যে বিশ্বকাপৰ মেচসমূহ নির্ধাৰিত স্থানত অনুষ্ঠিত হ’ব৷ সূচী সলনি কৰাটো সম্ভৱ নহয়৷

কিছুদিন পূর্বে আমেৰিকাৰ ৰাষ্ট্রপতি ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছিল- ‘বিশ্বকাপত ইৰানৰ জাতীয় দলক স্বাগতম৷ কিন্তু মই নাভাবোঁ যে এই পৰিস্থিতিত তেওঁলোকে নিজৰ জীৱনকো তুচ্ছ কৰি ইয়ালৈ অহা উচিত৷’ ইয়াৰ উত্তৰত ইৰানৰ ফুটবল দলটোৱে ছ’চিয়েল মিডিয়াত লিখিছিল, ‘বিশ্বকাপ এক ঐতিহাসিক আৰু আন্তঃৰাষ্ট্রীয় প্রতিযোগিতা৷ ইয়াৰ নিয়ন্ত্রক ফিফা৷ কোনো ব্যক্তি বা দেশ নহয়৷ ইৰানৰ জাতীয় দলটোৱে নিজৰ শক্তিৰ বাবে যোগ্যতা অর্জন কৰা দলসমূহৰ ভিতৰত প্রথম শাৰীত আছে৷ যদিহে তেওঁলোকে বাদ দিব বিচাৰে তেন্তে তেওঁলোকে কেৱল আয়োজক দেশ এখনক বাদ দিব লাগে৷

ইৰান ফুটবল ফেডাৰেচনৰ সভাপতি মেহদি তাজে ছ’চিয়েল মিডিয়াত লিখিছে যে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ ইৰানৰ ফুটবল দলৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে৷ তেওঁ ইৰানৰ ফুটবল দলটোক আমেৰিকালৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে৷ এয়া এক চিন্তাৰ বিষয়৷ আমি ফিফাৰ সৈতে কথা পাতিছোঁ৷ আমি অনুৰোধ কৰিছোঁ যে আমাৰ মেচসমূহ আমেৰিকাৰ পৰা মেক্সিকোলৈ স্থানান্তৰ কৰা হওক৷ অৱশেষত ফিফাই ইৰানৰ অনুৰোধ মানি লোৱা নাছিল৷

কিছুদিন পূর্বে ইৰান চৰকাৰে শত্রু দেশৰ কোনো প্রতিযোগিতালৈ ইৰানী খেলুৱৈক পঠিয়াব নোৱাৰাৰ সিদ্ধান্ত লৈছিল৷ ফিফাই সূচী সলনি কৰিবলৈ অস্বীকাৰ কৰাৰ লগে লগে বিশ্বকাপত ইৰানৰ অংশগ্রহণ অনিশ্চিত হৈ পৰিছে৷

You might also like