নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত নিশা ফ্লায়িং স্কোৱাডৰ অভিযান, বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

ডিজিটেল ডেস্ক, মানকাচৰ, ২ এপ্ৰিল : ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে সক্ৰিয় হৈ উঠিছে প্ৰশাসন। নিৰ্বাচনী আচৰণবিধি উলংঘা ৰোধ কৰিবলৈ গঠন কৰা ফ্লায়িং স্কোৱাডৰ দলে নিশা মানকাচৰত এক অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।

মানকাচৰৰ জাংগাল এলেকাত নাজিৰ হোছেইনৰ নেতৃত্বত ফ্লায়িং স্কোৱাডৰ দলে নিয়মীয়া তালাচী চলাই থকাৰ সময়তে এখন বাহনত থকা এগৰাকী ব্যক্তিৰ পৰা নগদ এক লাখ টকা উদ্ধাৰ কৰে। উক্ত ধনখিনিৰ সপক্ষে ব্যক্তিগৰাকীয়ে কোনো বৈধ নথি-পত্ৰ দেখুৱাবলৈ সক্ষম নোহোৱাত উক্ত দলটোৱে তৎক্ষণাত ধনখিনি জব্দ কৰে।

উল্লেখ্য যে নিৰ্বাচনৰ সময়ত ক’লা ধনৰ পয়োভৰ ৰোধ কৰিবলৈ নিৰ্বাচন আয়োগে কঠোৰ নিয়ম আৰোপ কৰিছে। নিৰ্দেশনা অনুসৰি, উপযুক্ত নথি-পত্ৰ অবিহনে কোনো ব্যক্তিয়েই নগদ ৫০,০০০ টকাতকৈ অধিক ধন লগত লৈ ফুৰিব নোৱাৰিব। যদিহে কোনো ব্যক্তিৰ ওচৰত ৫০ হাজাৰৰ অধিক ধন পোৱা যায় আৰু তাৰ সঠিক উৎস বা নথি-পত্ৰ নাথাকে, তেন্তে ফ্লায়িং স্কোৱাডৰ দলে উক্ত ধন জব্দ কৰিব।

প্ৰশাসনে ৰাইজক সজাগ হ’বলৈ আৰু নিৰ্বাচনী বিধি মানি চলিবলৈ আহ্বান জনাইছে। বিশেষকৈ ব্যৱসায়ী বা জৰুৰী কামত ধন কঢ়িওৱা লোকসকলক উপযুক্ত বেংকৰ নথি বা প্ৰমাণ পত্ৰ লগত ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।

You might also like