নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত উদ্ধাৰ বিৰল প্ৰজাতিৰ বনৰৌ

ডিজিটেল ডেস্ক, বিজনী, ২ এপ্ৰিল : চিৰাং জিলাৰ বিজনী অঞ্চলত আজি এটা বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ হোৱা ঘটনাই স্থানীয় লোকসকলৰ মাজত কৌতূহল আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে। জিলাখনৰ ১ নম্বৰ বিষ্ণুপুৰ গাঁৱত পুৱাৰ ভাগত এই বনৰৌটো উদ্ধাৰ কৰা হয়।
প্ৰাপ্ত তথ্য অনুসৰি, বিষ্ণুপুৰৰ বাসিন্দা অভিনন্দন বিশ্বাসে নিজৰ তামোল বাগানত তামোল পাৰি থকা সময়ত হঠাৎ বনৰৌটো দেখা পায়। তেওঁ তৎক্ষণাত বন বিভাগক খবৰ দিয়াত বিষ্ণুপুৰ বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ মানস মাউজিগেন্দ্ৰী ইকো টুৰিজিম ছ’চাইটী, মানস নেচাৰ কনজাৰভেচন ৱেলফেয়াৰ ছ’চাইটী আৰু এছ এছ বিৰ ১৫নং বি এন বেটেলিয়নৰ সহযোগত বনৰৌটো উদ্ধাৰ কৰে।
উদ্ধাৰ কৰা বনৰৌটো প্ৰায় ২ ফুট দীঘল আৰু ওজন প্ৰায় ৮ কেজি বুলি জানিব পৰা গৈছে। এই বিৰল প্ৰজাতিৰ বনৰৌটো পৰৱৰ্তী সময়ত অধিক পৰীক্ষা-নিৰীক্ষাৰ বাবে সংৰক্ষণত ৰখা হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে।
You might also like