নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহু প্ৰতীক্ষিত ‘ৰামায়ণ’ৰ টিজাৰ মুকলি, ৰামৰ ৰূপত ৰণবীৰে মুগ্ধ কৰিলে চলচ্চিত্ৰপ্ৰেমীক

ডিজিটেল ডেস্ক, ২ এপ্ৰিল : বহু প্ৰতীক্ষিত ‘ৰামায়ণ’ ছবিৰ টিজাৰ অৱশেষত মুকলি হৈছে। ছবিখনত ৰণবীৰ কাপুৰক ভগৱান ৰামৰ ৰূপত দেখা যাব। ২ মিনিট ৩৮ ছেকেণ্ডৰ টিজাৰটোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। টিজাৰত মহাকাব্যিক কাহিনীৰ বিভিন্ন মুহূৰ্ত দেখুওৱা হৈছে। ৰণবীৰৰ ৰূপত অনুগ্ৰহ, শক্তি আৰু শান্তিৰ প্ৰতিফলন দেখা যায়। টিজাৰৰ শেষত ৰাৱণৰ আভাস দেখা যায় যদিও তেওঁৰ মুখখন দেখুওৱা হোৱা নাই।

ছবিখন পৰিচালনা কৰিছে নিতেশ তিৱাৰীয়ে, যি শক্তিশালী আৰু আৱেগিক কাহিনী নিৰ্মাণৰ বাবে পৰিচিত। এই ছবিখন এক বিশাল পৰিসৰত নিৰ্মাণ কৰা হৈছে আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম বৃহৎ প্ৰকল্প হিচাপে বিবেচিত হৈছে। ছবিখনত গুৰুত্বপূর্ণ ভূমিকাত আছে Sai Pallavi, Sunny Deol আৰু Ravi Dubey।

ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা সন্দৰ্ভত ৰণবীৰ কাপুৰে কয়- “মই নাভাবোঁ যে মই ইয়াত ৰামক চিত্ৰিত কৰিবলৈ আহিছোঁ । মই ইয়াত শিকিবলৈ আহিছোঁ। তেওঁৰ এটা সৰলতা আৰু বিশুদ্ধতা আছে যিটো খুব কমেইহে দেখা যায় আৰু বুজিবলৈ আৰু গ্ৰহণ কৰিবলৈ চেষ্টা কৰাটো মোৰ বাবে এক অতি ভাল অভিজ্ঞতা ।”

টিজাৰ মুক্তিৰ পূৰ্বে আলিয়ে ভাটে চলচ্চিত্ৰপ্ৰেমীক ছবিখনক সমৰ্থন কৰিবলৈ আহ্বান জনায়। তেওঁ কয়— “ৰণবীৰে অতিশয় সুন্দৰ কাম কৰিছে আৰু ই একেবাৰে অসাধাৰণ।”

ছবিখন দুটা অংশত মুক্তি পাব। প্ৰথম অংশ এই বছৰৰ দীপাৱলীৰ সময়ত মুক্তি পাব বুলি আশা কৰা হৈছে আৰু দ্বিতীয় অংশ ২০২৭ চনৰ দীপাৱলীত মুক্তি পাব।

You might also like